ETV Bharat / state

খেৰজানত নিচাযুক্ত টেবলেটসহ দুজনক আটক

author img

By

Published : Jun 23, 2021, 4:59 PM IST

intoxicating tablet
ডিগবৈৰ খেৰজানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুজনক আটক

ডিগবৈ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি খেৰজানৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুগৰাকী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰী দুজনে পেঙেৰী অভিমুখে গৈ থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে ৷

তিনিচুকীয়া, 23 জুন : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষী(Assam Police)ৰ ড্ৰাগছ(Drugs) বিৰোধী অভিযান ৷ এই অভিযানত প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী(Drugs Peddler) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ থানা(Digbai Police Station)ৰ অন্তৰ্গত খেৰজানত চলোৱা এক অভিযানত ডিগবৈ আৰক্ষী(Digbai Police)য়ে বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট(intoxicating tablet)সহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

ডিগবৈৰ খেৰজানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুজনক আটক

উল্লেখ্য যে, ডিগবৈ আৰক্ষী(Digbai Police)য়ে এক গোপন সূত্ৰৰ পম খেদি মাৰ্ঘেৰিটা মহকুমা(Margherita sub division)ৰ মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাস আৰু ডিগবৈ থানা(Digbai Police Station)ৰ উপ পৰিদৰ্শক(Sub-inspector) নিপজ্যোতি নাথৰ সহযোগত এক অভিযান চলাই সৰবৰাহকাৰীদ্বয়ক খেৰজানৰ পৰা আটক কৰে ৷ উক্ত অভিযানত প্ৰায় ৭০ হাজাৰ টকাৰ নিচাযুক্ত টেবলেট(intoxicating tablet) জব্দ কৰে আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰী দুজনে এই নিচাযুক্ত টেবলেট(intoxicating tablet) খিনি ডিব্ৰুগড়ৰ পৰা মটৰ চাইকেলৰে পেঙেৰী অভিমুখে লৈ গৈ থকা অৱস্থাত ডিগবৈ আৰক্ষী(Digbai Police)য়ে আটক কৰে ৷

লগতে AS 23 X 0828 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আটক কৰা সৰবৰাহকাৰীদ্বয় দেৱেশ্বৰ বৰুৱা(৩০) আৰু স্মৃতি বৰুৱা(২৫) বুলি জানিব পৰা হৈছে ৷ দুয়োগৰাকী পেঙেৰী থানা(Pengeri police station)ৰ অন্তৰ্গত টেকেৰীৰ বাসিন্দা ৷

লগতে পঢ়ক : আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.