ETV Bharat / state

Smuggled timber seized: তিনিচুকীয়াত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Apr 3, 2023, 6:34 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবাধে চলি আছে বন ধ্বংসযজ্ঞ । তিনিচুকীয়া জিলাতো প্ৰতিদিনেই চোৰাংভাৱে সৰবৰাহ হৈ আছে কাঠ । বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰেই কাঠৰ ট্ৰাক চোৰাংভাৱে সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল-সংগঠনে (Truck loaded with smuggled timber seized in Tinsukia) । ইয়াৰ মাজতে দেওবাৰে নিশা ডুমডুমাৰ হাহঁচৰাত চাৰিআলিৰ সমীপত এখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে আদিবাসী ছাত্ৰ সন্থাই ।

Truck loaded with smuggled timber seized in Tinsukia
তিনিচুকীয়াত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

তিনিচুকীয়াত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

তিনিচুকীয়া,৩ এপ্ৰিল: তিনিচুকীয়া জিলাৰ মাজেৰে প্ৰতিদিনে সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে চোৰাং কাঠ (Smuggling of timber in Tinsukia) ৷ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰেই সৰবৰাহ হয় ইখনৰ পাচত সিখনকৈ কাঠভৰ্ত্তি ট্ৰাক ৷ পিছে এই বিষয়ৰ প্ৰতি যেন কোনো গুৰুত্বই নাই বনবিভাগ কিম্বা আৰক্ষীৰ ৷ দেওবাৰে নিশাও বনবিভাগৰ কাৰ্যালয়ৰ সন্মুখৰেই পাৰ হ'বলৈ লৈছিল এখন চোৰাং কাঠভৰ্তি ট্ৰাক । কিন্তু দিন বেয়া আছিল চোৰাং কাঠ সৰবৰাহকাৰীৰ । সংগঠনে পতা জালত পৰিল ট্ৰাকখন (Smuggled timber seized) ৷

দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ হাহঁচৰাত চাৰিআলিৰ সমীপত চোৰাং কাঠভৰ্তি এখন ট্ৰাক আদিবাসী ছাত্ৰ সন্থাই জব্দ কৰি চমজাই দিয়ে বন বিভাগক (Truck loaded with smuggled timber seized in Tinsukia) । অৰুণাচল প্ৰদেশৰ পৰা অহা WB23 E2647 নম্বৰৰ ট্ৰাকত কাঠখিনি আনিছিল । নিশা হাহঁচৰা চাৰিআলি সমীপত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই ট্ৰাকখন জব্দ কৰি ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে (Illegal timber seized in Tinsukia) ।

কাঠভৰ্তি ট্ৰাকখনত কোনো বৈধ‌ নথি-পত্ৰ নথকাত চোৰাং কাঠ সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আদিবাসী ছাত্ৰ সন্থাই । চোৰাং কাঠ সৰবৰাহৰ লগত বন‌ বিভাগৰ লোক জড়িত থকাৰ সন্দেহ কৰিছে আদিবাসী ছাত্ৰ সন্থাই । অন্যহাতে, গোবিন চৰকাৰ নামৰ এজন‌ ব্যক্তিয়ে সমগ্ৰ তিনিচুকীয়া জিলাখনতে কাঠৰ চিণ্ডিকেট গঢ়ি তোলাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই ।

এইক্ষেত্ৰত আদিবাসী ছাত্ৰ সন্থাৰ নেতাজনৰ ভাষ্য অনুসৰি, গোবিন সৰকাৰ নামৰ এটা মাফিয়াৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰোৱাই ট্ৰাকখনৰ চালকজনে । গোবিন সৰকাৰ নামৰ মাফিয়াটোৱে সংগঠনৰ ওপৰৰ কোনো ব্যক্তিৰ লগত কথা পতা বুলি উল্লেখ কৰে ৷ ইয়াৰ বিপৰীতে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে কাৰো লগত মিলাবলৈ নাযায় বুলি মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে, পৰৱৰ্তী সময়ত আদিবাসী ছাত্ৰ সন্থাই কাঠভৰ্ত্তি ট্ৰাকখন ডুমডুমাৰ বনবিভাগক চমজাই দিয়ে আৰু এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ৷ পৰৱৰ্তী সময়ত বনবিভাগৰ তদন্তত পোহৰলৈ আহিব কাঠখিনিৰ প্ৰকৃত তথ্য ৷ কিন্তু আদিবাসী ছাত্ৰ সন্থাই বাৰে বাৰে উল্লেখ কৰা গোবিন চৰকাৰ নামৰ লোকজনক আইনৰ মেৰপাকলৈ আনিবলৈ সক্ষম হ’ব নে নহয় সেয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Landslide in NHPC: NHPCৰ ডাইভাৰছন টাৰ্নেলৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.