ETV Bharat / state

তিনিচুকীয়াত কংগ্ৰেছৰ বুথ সভাপতিৰ প্ৰশিক্ষণ শিবিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:13 PM IST

Tinsukia District Congress Committee camp
তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ শিবিৰ

Training Camp of Congress: তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ বুথ সভাপতি আৰু BLA সকলৰ প্ৰশিক্ষণ শিবিৰ । এই প্ৰশিক্ষণ শিবিৰ উপস্থিত থাকে প্ৰদেশ সভাপতি ভূপেন বৰা ।

তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ শিবিৰ

তিনিচুকীয়া, ২৪ ডিচেম্বৰ : আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত তিনিচুকীয়া জিলা কংগ্ৰেছৰ অন্তৰ্গত সমূহ ব্লক কংগ্ৰেছৰ অধীনস্থ বুথ সভাপতি আৰু BLA সকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । 'মোৰ বুথ মোৰ দায়িত্ব' ৰ আধাৰত এই কাৰ্যসূচীৰ আৰম্ভ কৰে ৷ উক্ত প্ৰশিক্ষণ শিবিৰৰ লগত সংগতি ৰাখি এখন সভাৰো আয়োজন কৰা হয় । উক্ত সভাখনৰ সভাপতিত্বত কৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই ।

এই প্ৰশিক্ষণ শিবিৰত বিশেষভাৱে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ সমান্তৰালভাৱে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰণৱ বৰুৱা, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ মৌচম বৰুৱা, সম্পাদক জিন্টু হাজৰিকা, সম্পাদক অবিনাশ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গোর্খা কোষৰ অধ্যক্ষ কৰ্ণ বাহাদুৰ ছেত্ৰী উপস্থিত থাকে ।

বিশিষ্ট ব্যক্তিসকলে এই প্ৰশিক্ষণ শিবিৰৰ উদ্দেশ্য সম্পৰ্কে বিষদভাৱে দাঙি ধৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সংসদ পৱন সিং ঘটোৱাৰকে প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলক তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা মান-পত্রৰে সন্মানিত কৰা হয় ।

উল্লেখ্য় যে সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰা । শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক প্ৰকাৰে লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে উঠিপৰি লাগিছে । পিছ পৰি থকা নাই বিৰোধী কংগ্ৰেছ দল । ৰাইজৰ মাজলৈ গৈ চৰকাৰী আঁচনিৰ কথা ক'ব নোৱাৰিলেও বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিছে ।

লগতে পঢ়ক :দিল্লী অভিমুখে চাইকেলেৰে যাত্ৰা কৰা এন চি চিৰ যুৱতীৰ দলটোক বৰপেটাত আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.