ETV Bharat / state

চিয়াঙৰ বানত ঠিকনা হেৰুৱালে কবু চাপৰিৰ শতাধিক পৰিয়ালে

author img

By

Published : Aug 13, 2019, 5:34 PM IST

ৰুষ্ট প্ৰকৃতিয়ে বিধবস্ত কৰিলে শতাধিক পৰিয়ালৰ ঘৰ বাৰী

চিয়াং নদীৰ বানত বিধ্বস্ত হ'ল জোনাইৰ নদীদ্বীপ কবু চাপৰি

জোনাই,13 আগষ্টঃ চিয়াং নদীৰ বানত বিধ্বস্ত হ'ল ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ বৃহত্তৰ নদী দ্বীপ কবু চাপৰিৰ ১নং, ২ নং আৰু ৩ নং ৱাৰ্ডৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি ৷চিয়াং নদীৰ ভয়ংকৰ বানে বোকা বালি,পলসে পুতি পেলালে শশ পৰিয়ালৰ ঘৰ-দুৱাৰ | বানত ঘৰ বাৰী জাহ গৈ গৃহহাৰা হ'ল প্ৰায় ২০টাৰো অধিক পৰিয়াল ৷

বানত বিধ্বস্ত হল জোনাইৰ নদীদ্বীপ কবু চাপৰি

ইফালে বোকা বালিৰ তলত বহু পৰিয়ালৰ ঘৰ দুৱাৰ পোত গৈ থকাত এতিয়াও বহু পৰিয়ালে জোনাই সদৰৰ য'তে ত'তে পৰিয়ালসহ ভাড়াঘৰ অথবা আত্মীয় স্বজনৰ ঘৰত থাকি দিন কটাইছে অনিশ্চয়তাৰে | উল্লেখ্য যে চিয়াং নদীৰ বানে কবু চাপৰিৰ শ শ বিঘা কৃষি ভূমিত বোকা,বালি পেলাই দিয়াত এতিয়া মৰুভূমিত পৰিণত হৈছে খেতি পথাৰবোৰ | কবু চাপৰিৰ কেওপিনে বোকা বালিৰে পুতি পেলোৱাত খাদ্যৰ অভাৱত বেমাৰত পৰি মৃত্যু মুখত পৰিছে শ শ গৰু,ম'হ,ছাগলী আদি পোহনীয়া জন্তু | জোনাই মহকুমা প্ৰশাসনে কবু চাপৰি বানপীড়িত ৰাইজক কেই কেজিমান চাউল দালি দিয়ে দায়িত্ব সামৰাৰ অভিযোগ | এতিয়া নদীদ্বীপ কবু চাপৰিত কেওপিনে মাথো বানপীড়িতৰ বিননি | কিন্তু বানত সৰ্বস্ব হেৰুওৱা কবুবাসীলৈ সাহায্য প্ৰদানৰ কথাটো বাদেই, খবৰ ল'বলৈও আহৰি নাই জোনাইৰ মহকুমা প্ৰশাসন কিম্বা জনপ্ৰতিনিধিৰ |

Intro:nullBody:চিয়াং নদীৰ বানত বিধ্বস্ত হল জোনাইৰ নদীদ্বীপ কবু চাপৰিৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি

জোনাই ১৩ আগষ্ট


ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ বৃহত্তৰ নদী দ্বীপ কবু চাপৰিৰ চিয়াং নদীৰ বানত বিধ্বস্ত হল ১নং, ২ নং আৰু ৩ নং ৱাৰ্ডৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি| চিয়াং নদীৰ ভয়ংকৰ বানে বোকা বালি, পলসে পুতি পেলালে শশ পৰিয়ালৰ ঘৰ দুৱাৰ | বানত ঘৰ বাৰী জাহ গৈ গৃহহাৰা হল প্ৰায় ২০ খনৰো অধিক পৰিয়ালৰ | ইফালে বোকা বালি ৰ তলত বহু পৰিয়ালৰ ঘৰ দুৱাৰ পুত গৈ থকাত এতিয়াও বহু পৰিয়ালে জোনাই সদৰৰ যতে ততে পৰিয়াল সহ ভাড়াঘৰ অথবা আত্মীয় স্বজনৰ ঘৰত থাকি দিন কটাইছে অনিশ্চয়তাৰে | উল্লেখ্য যে চিয়াং নদীৰ বানে কবু চাপৰিৰ শ শ বিঘা কৃষি ভূমিত বোকা, বালি পেলাই দিয়াত এতিয়া মৰুভূমিত পৰিণত হৈছে খেতি পথাৰবোৰ| কবু চাপৰিৰ কেওপিনে বোকা বালিৰে পুতি পেলোৱাত খাদ্যৰ অভাৱত বেমাৰত পৰি মৃত্যু মুখত পৰিছে শ শ গৰু, মহ, ছাগলী আদি পোহনীয়া জন্তুৰ| জোনাই মহকুমা প্ৰশাসনে কবু চাপৰি বানপীড়িত ৰাইজক কেই কেজি মান চাউল দালি দিয়ে সামৰিলে দায়িত্ব | এতিয়া নদীদ্বীপ কবু চাপৰিত কেওপিনে মাথো বানপীড়িতৰ বিননি| কিন্তু বানত সৰ্বস্ব হেৰুৱা কবুবাসীলৈ সাহাৰ্য্য প্ৰদানৰ কথাটো বাদেই, খবৰ লবলৈও আহৰি নাই জোনাইৰ মহকুমা প্ৰশাসন কিম্বা জনপ্ৰতিনিধিয়ে |

কৰবী দলে জোনাই Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.