ETV Bharat / state

উত্তপ্ত নামচাইত 144 ধাৰা জাৰি; ডিৰাক গেট পথেৰে পৰশুৰাম কুণ্ডলৈ নাযাবলৈ ৰাইজক অনুৰোধ প্ৰশাসনৰ

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:27 PM IST

section 144 of imposed in namsai
উত্তপ্ত অৰুণাচলৰ নামচাই

Tense Situation at Namsai of Arunachal : দেওবাৰে অৰুণাচলৰ মহাদেৱপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় লোকৰ ৷ দেওবাৰে সংঘটিত ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ পৰিস্থিতিলৈ লক্ষ্য ৰাখি নামচাই প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে ৷

উত্তপ্ত অৰুণাচলৰ নামচাই

তিনিচুকীয়া, 14 জানুৱাৰী : শনিবাৰে অৰুণাচলত হোৱা দুটা ফৈদৰ মাজত সংঘটিত হোৱা সংঘাতে লৈছে ভয়ংকৰ ৰূপ ৷ আনহাতে, শনিবাৰৰ নিশাৰ পৰা মহাদেৱপুৰত নাইমচাই-অসম সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে ৷ ফলত আৱদ্ধ হৈ পৰে যান-বাহন ৷

প্ৰতিবাদকাৰী সকলে কয়, ‘‘আমি ভাৰতীয় ৷ কোনো চীন বা বাংলাদেশী নহয় আমাৰ ওপৰত এনে দৰে অত্যাচাৰ কৰিবলৈ ৷ এই ক্ষেত্ৰত অৰুণাচল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ঘটনাৰ উচিত তদন্ত হ’ব লাগিব ৷’’

সেয়ে সাম্প্ৰতিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামচাই জিলা প্ৰশাসনে জিলাখনত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 144 ধাৰা জাৰি কৰিছে ৷ লগতে পৰশুৰাম কুণ্ডত হৈ থকা মাঘী মেলালৈ যোৱা তীৰ্থযাত্ৰী তথা ভক্তসকলৰ সুবিধাৰ বাবে প্ৰশাসনে পথ সলনি কৰিছে ৷ কাকপথাৰ আৰু ডিৰাক গেট হৈ অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ যোৱা তীৰ্থযাত্ৰীৰ বাবে প্ৰশাসনে পথ সলনি কৰিছে ৷

প্ৰশাসনৰ পথ নিৰ্দেশ অনুসৰি, তীৰ্থ যাত্ৰীসকলে ডুমডুমা-ৰূপাই চাইডিং-তালাপ-সোণপোৰা হৈ যাব পাৰিব পৰশুৰাম কুণ্ডলৈ ৷ দ্বিতীয়তো, ডুমডুমা-ৰূপাই চাইডিং- তালাপ-চাপাখোৱা-শান্তিপুৰ গেট-ৰ’ইং হৈ যাব পাৰিব মাঘী মেলালৈ ৷ লগতে তীৰ্থযাত্ৰীসকলক পৰৱৰ্তী জাননী নোপোৱালৈকে কাকপথাৰ -ডিৰাক গেট পথেৰে পৰশুৰাম কুণ্ডলৈ নাযাবলৈ অনুৰোধ জনাইছে প্ৰশাসনে ।

উল্লেখ্য যে, শনিবাৰে নিশা নামচাইৰ অঞ্চলত বসবাস কৰা খামটি আৰু চাহ জনগোষ্ঠীৰ ফৈদৰ মাজত সংঘটিত হৈছিল সংঘাত ৷ খামটি লোকৰ আক্ৰমণত আহত হৈছিল কেইবাজনও আদিবাসী লোক ৷ এই ঘটনাৰ পাচতে দেওবাৰে পুৱাৰে পৰা মহাদেৱপুৰত নামচাইৰ অসম সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় লেকে ৷ অৱশ্যে এই সংঘাত কিয় সংঘটিত হ’ল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক : অৰুণাচলৰ নামচাইত দুটা ফৈদৰ মাজত সংঘাত: বন্দুক আৰু তৰোৱাল লৈ আক্ৰমণ প্ৰত্যাক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.