ETV Bharat / state

অশান্ত বাঘজানত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘাত

author img

By

Published : Jul 25, 2021, 7:08 AM IST

protest for Appropriate compensation
প্ৰতিবাদকাৰীক প্ৰতিহত কৰাৰ চেষ্টা আৰক্ষী-প্ৰশাসনৰ

বাঘজানত পুনৰ উত্তপ্ত পৰিস্থিতি ৷ পুনৰ BGN ৫ নং তৈল খাদৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ বাঘজানবাসীৰ ৷ প্ৰতিবাদকাৰীক প্ৰতিহত কৰাৰ চেষ্টা আৰক্ষী-প্ৰশাসনৰ ৷ 144 ধাৰা জাৰি, শূন্যলৈ গুলীচালনা তিনিচুকীয়া আৰক্ষীৰ ৷ আহত ৬ জনকৈ প্ৰতিবাদকাৰী ৷

তিনিচুকীয়া, 24 জুলাই : এটা বছৰ সম্পূৰ্ণ কৰিলে অভিশপ্ত বাঘজান কাণ্ডই ৷ কিন্তু আজিকোপতি বাঘজানবাসীয়ে নাপালে উপযুক্ত ক্ষতিপূৰণ ৷ যাৰ বাবে বিভিন্ন ধৰণে প্ৰতিবাদৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বাঘজানৰ ৰাইজে ।

বাঘজান BGN ৫ নং তৈল খাদৰ প্ৰৱেশদ্বাৰত বাঘজানবাসী ৰাইজে পথ অৱৰোধ কৰি উপযুক্ত ক্ষতিপূৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ । এইয়া বাঘজানবাসীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ৷ ধাৰাবাহিকভাৱে বাঘজানবাসীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ কিন্তু প্ৰতিবাদ ভাষা শুনে কোনে ? বুজে কোনে ?

প্ৰতিবাদী কাৰ্যসূচী চলি থকা সময়তে তিনিচুকীয়া জিলা প্ৰশাসনে মাইক যোগে প্ৰতিবাদকাৰীক আঁতৰি যাবলৈ কয় ৷ কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখে বাঘজানবাসীয়ে ৷ অৱশেষত ১৪৪ ধাৰা জাৰি কৰি প্ৰথমে লাঠী চালনা আৰু ইয়াৰ পিছতে শূন্যলৈ গুলী চালনা কৰিবলৈ বাধ্য হয় তিনিচুকীয়া আৰক্ষীয়ে ৷

প্ৰতিবাদকাৰীক প্ৰতিহত কৰাৰ চেষ্টা আৰক্ষী-প্ৰশাসনৰ

অভিযোগ অনুসৰি কন্দুৱা গেছ আৰু ৰবৰৰ গুলী প্ৰয়োগ কৰে নিৰাপত্তাৰক্ষীয়ে । ফলত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে ৷ আৰক্ষীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীক প্ৰতিহত কৰিবলৈ চেষ্টা কৰাৰ ফলত বাঘজানৰ বহু লোক আহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৬ জনকৈ প্ৰতিবাদকাৰী ৷

তদুপৰি প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ ফলত আৰক্ষী-প্ৰশাসনৰ ৬ জনকৈ বিষয়া আহত হয় ৷ আহত লোকসকলক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উপযুক্ত ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত বাঘজান তৈল খাদত থকা অইল ইণ্ডিয়া লিমিটেডৰ যান-বাহন আৰু বিভিন্ন বয়-বস্তু নিবলৈ দিয়া নাছিল বাঘজানবাসীয়ে ।

লগতে পঢ়ক : টকিঅ' অলিম্পিকত বিমুখ হ'ল ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.