ETV Bharat / state

Public protest against drugs: ড্ৰাগছ আৰু পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে পেঙেৰী ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Dec 26, 2022, 10:33 PM IST

তিনিচুকীয়াৰ বৰগুৰিস্থিত আই টি আই খেলপথাৰত সোমবাৰে পেঙেৰী ৰাইজে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ড্ৰাগছ আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ড্ৰাগছ বিৰোধী অভিযানত পেঙেৰী আৰক্ষী থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ ৷ ড্ৰাগছ মাফিয়াৰ বিৰোধিতা কৰি পেঙেৰী আৰক্ষী থানালৈ যোৱা প্ৰতিবাদকাৰীকো মাৰপিট কৰা ঘটনাৰ উচিত তদন্তৰ দাবী প্ৰতিবাদকাৰীৰ ৷

Pengeri public protest against drugs at ITI ground in Barguri, Tinsukia
তিনিচুকীয়াৰ বৰগুৰিস্থিত আই টি আই খেলপথাৰত পেঙেৰী ৰাইজৰ প্ৰতিবাদ

তিনিচুকীয়াৰ বৰগুৰিস্থিত আই টি আই খেলপথাৰত পেঙেৰী ৰাইজৰ প্ৰতিবাদ

তিনিচুকীয়া, 26 ডিচেম্বৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহতো বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime incident in Tinsukia) ৷ বিশেষকৈ বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্যৰ সেৱন আৰু সৰবৰাহ (Narcotic drugs) ৷ কিন্তু ৰাজ্যৰ অন্যান্য প্ৰান্তত যিধৰণে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে সেই ধৰণে কিন্তু পেঙেৰীত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলা নাই ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ পেঙেৰী ৰাইজৰ (Public Against Drugs mission) ৷

উল্লেখ্য যে সোমবাৰে পেঙেৰীৰ সচেতন ৰাইজে তিনিচুকীয়াৰ বৰগুৰিস্থিত আই টি আই খেলপথাৰত ড্ৰাগছৰ বিৰুদ্ধে সাব্যস্ত কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (ITI ground in Tinsukia) ৷ কেৱল ড্ৰাগছৰ বিৰুদ্ধেই নহয়, পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধেও সাব্যস্ত কৰে প্ৰতিবাদ (Public protest against Pengeri OC) ৷

জানিব পৰা মতে যোৱা ২৩ ডিচেম্বৰত ৬/৮ টা ড্ৰাগছ মাফিয়াৰ বিৰোধিতা কৰি পেঙেৰী আৰক্ষী থানালৈ যোৱা ৫ গৰাকী মহিলা আৰু এজন পুৰুষ প্ৰতিবাদকাৰীক মাৰপিট কৰিছিল গুণ্ডাবাহিনীয়ে ৷ এই মাৰপিটৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী (Pengeri public protest against drugs) ৷

প্ৰতিবাদকাৰীয়ে কয় যে ড্ৰাগছ বিৰোধী অভিযানত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে পেঙেৰী আৰক্ষী থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিদেৱ ৷ লগতে সৰবৰাহকাৰীৰ সকলৰ সৈতেও মিতিৰালিৰ সন্দেহ ব্যক্ত কৰি প্ৰতিবাদকাৰীয়ে কয় তেওঁক চাকৰিৰ পৰা শীঘ্ৰেই বৰ্খাস্ত কৰিব লাগে ৷ বহু ড্ৰাগছ ব্যৱসায়ীক ৰাইজৰ দ্বাৰা বহু কষ্টৰে ধৰি গতাই দিয়াৰ পাছতো থানালৈ নি এৰি দিয়া ঘটনা তেওঁৰ নেতৃত্বত সংঘটিত হৈ গ’ল আৰু বহু ড্ৰাগছ ব্যৱসায়ী ২/৩ দিন জেলত থাকিয়েই ঘৰ পায়হি অথবা এক দেৰ মাহ জেলত থাকি ঘৰ পোৱাৰ বহু ৰেকৰ্ড আমাৰ দৃষ্টিগোচৰ হৈছে । ড্ৰাগছ মাফিয়াৰ পৰা টকা পইচা লৈ কম দিনতে এৰি আহিব পৰা সুবিধা বকুল ইংতিদেৱে কৰি দিয়ে বুলি অঞ্চলটো চৰ্চিত হৈ পৰিছে (Pengeri public staged protest against drugs) ।

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে আৰক্ষী অধীক্ষকগৰাকীক এখন স্মাৰকপত্ৰ দিয়ে আৰু স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ ক্ৰমে - ২৩ ডিচেম্বৰত ড্ৰাগছ বিৰোধী অভিযানত যোৱা মহিলাসকলক পেঙেৰী আৰক্ষী চকুৰ সমুখত ড্ৰাগছ মাফিয়াৰ সম্পৰ্কীয় গুণ্ডাবাহিনীৰ দ্বাৰা মাৰপিট কৰা ঘটনাৰ গোচৰ ৰুজু কৰি আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, FIR দিব খুজাত FIR ল’ব নুখুজা আৰক্ষীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা ৷

পেঙেৰী থানা অঞ্চলটোত কাঠফুলাৰ গঢ়ি উঠা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ আইনী ব্যৱস্থা লোৱা, পেঙেৰী থানা অঞ্চলটোৰ প্ৰতিখন গাঁৱত ন ন কৰ্মোদম থকা লোকৰ দ্বাৰা VDP সমিতিসমূহ পুনৰ গঠন কৰা লগতে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত উদ্যমী লোকেৰে ড্ৰাগছ বিৰোধী স্বেচ্ছাসেৱী দল গঠন কৰা ৷ পেঙেৰী থানা অঞ্চলত চৰকাৰী অৰ্থ সাহায্যত "নিচা মুক্তি কেন্দ্ৰ " অন্তত এবছৰলৈ (যদি সম্ভৱ স্থায়ীভাৱে) স্থাপনৰ দিহা কৰা ।

লগতে পঢ়ক: Anti Drugs Mission in Nagaon: কেৰালালৈ সৰবৰাহৰ সময়তে জব্দ ২০ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.