ETV Bharat / state

Anti Drugs Mission in Nagaon: কেৰালালৈ সৰবৰাহৰ সময়তে জব্দ ২০ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ

author img

By

Published : Dec 25, 2022, 9:39 PM IST

নগাঁৱত ন-উদ্যমেৰে আৰম্ভ হৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই 20 লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছখিনিৰ লগতে আটক কৰে তিনি সৰবৰাহকাৰীক (Anti Drugs Mission in Nagaon)৷

Nagaon police drive against drugs
নগাঁও আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান

নগাঁও আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান

নগাঁও, 25 ডিচেম্বৰ : বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে জব্দ প্ৰায় ২০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ । নগাঁৱৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ(Nagaon Additional SP) নেতৃত্বত নগাঁৱত চলিল অপৰাধ বিৰোধী অভিযান ৷ সমান্তৰালভাৱে তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযানো(Anti Drugs Mission in Nagaon) ৷ অভিযান কালত আজি নগাঁৱৰ পৰা কেৰালালৈ সৰবৰাহ কৰিবলৈ লোৱা প্ৰায় ২০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয় (Drugs seized in Nagaon)৷

শনিবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত লাভ কৰিছিল নগাঁৱৰ পৰা কেৰেলালৈ ড্ৰাগছ সৰবৰাহৰ তথ্য ।

নগাঁও আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিতে হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ২০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ । হয়বৰগাঁও আৰক্ষী চকীৰ দলটোৱে নগাঁও চহৰৰ বৰভেটিত অভিযান চলাই প্ৰথমে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা বাহনখনৰ নম্বৰ AS 02 AK 2878 ৷ বাহনখনৰ পৰাই জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ হেৰ'ইন (Nagaon police drive against drugs)।

নগাঁৱৰ পৰা কেৰালালৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজনকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় হয়বৰগাঁও আৰক্ষীৰ দলটোৱে ৷ নগাঁৱৰ পৰা বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহ কৰা নগাঁৱৰ ভকতগাঁৱৰ ইছমাইল আলী, জুৰীয়াৰ উদমাৰীৰ লতিফুৰ আৰু আছাদুল হকক আটক কৰে আৰক্ষীৰ দলটোৱে ।

পৰৱৰ্তী সময়ত আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটাক লৈ যোৱা হয় হয়বৰগাঁও আৰক্ষী থানালৈ (Drugs peddler arrested in Nagon)৷ পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ সৈতে ধৃত ইছমাইল, লতিফুৰ আৰু আছাদুল জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে সম্প্ৰতি নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে, আই পি এছ বিষয়া আনন্দ মিশ্ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চলাইছিল ধাৰাবাহিক অভিযান । নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া যেন সম্ভৱ হৈ উঠা নাছিল ।

অৱশ্যে শেহতীয়াকৈ নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰা ৰূপজ্যোতি কলিতাৰ নেতৃত্বত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নগাঁও আৰক্ষী ।

লগতে পঢ়ক: Operation against drunk driving: সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ তিনিচুকীয়া আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.