ETV Bharat / state

শপত ল’লে ডুমডুমা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰ আয়ুক্তসকলে

author img

By

Published : Apr 18, 2022, 9:53 PM IST

oath taking of newly elected municipal commissione
শপত ললে ডুমডুমা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰ আয়ুক্তসকলে

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত নতুনকৈ গঠন কৰা হৈছে ৰাজ্যৰ পৌৰসভা সমিতিসমূহ ৷(Assam Municipal Election 2022)। ডুমডুমা পৌৰসভাতো নৱ-নিৰ্বাচিত পৌৰপতি আৰু সদস্যসকলক সোমবাৰে শপত বাক্য পাঠ কৰাই ।

শদিয়া, ১৮ এপ্ৰিল : কিছু দিনৰ পূৰ্বে অসমৰ বিভিন্ন নগৰ সমিতি সমূহৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল(Assam Municipal Election 2022) । ডুমডুমা পৌৰসভাত দহখন আসনৰ ভিতৰত বিজেপি দলে নখন আৰু কংগ্ৰেছ দলে এখন আসন পাবলৈ সক্ষম হৈছিল । নখন আসন দখল কৰি পৌৰসভা গঠন কৰিবলৈ ওলোৱা পৌৰ আয়ুক্ত সকলক আজি অৰ্থাৎ সোমবাৰে শপত গ্ৰহণ কৰোৱা হয় । ডুমডুমা মাৰোৱাৰী পঞ্চায়ত ভৱনত ডুমডুমা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰ আয়ুক্ত সকলৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰে (Oath taking ceremony of doomdooma municipal board )।

চাৰিবাৰকৈ জয়ী হোৱা ৭নং ৱাৰ্ড আয়ুক্ত কান্তা ভট্টাচাৰ্যক বিজেপি দলে অভিজ্ঞতা সম্পন্ন ব্যক্তি হিচাপে পৌৰপতি পদত আৰু ৮নং ৱাৰ্ড আয়ুক্ত মণি দত্তক উপ পৌৰপতি হিচাপে বিজেপি দলে নিৰ্বাচন কৰে ।

শপত ললে ডুমডুমা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰ আয়ুক্তসকলে

এই সভাখনত জিলা অতিৰিক্ত উপায়ুক্ত দিপু ডেকা, ডুমডুমা বিধান সভাৰ বিধায়ক ৰূপেশ গোৱালা, ডুমডুমা পৌৰসভাৰ কাৰ্যকৰী বিষয়া তথা চক্ৰ বিষয়া ৰণন্ময় ভৰদ্বাজ, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কোষকান্ত বড়াৰ লগতে বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ।

শপত গ্ৰহণ কৰি ডুমডুমাখন নিকা আৰু সুচাৰুৰূপে পৰিচালনা কৰিব বুলি মন্তব্য কৰে । লগতে বিধায়ক ৰূপেশ গোৱালাক ধন্যবাদ জ্ঞাপন কৰি দলৰ হৈ ৰাইজৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে । লগতে নৱ-নিৰ্বাচিত পৌৰ আয়ুক্তসকলক অভিবাদন জনাই সুচাৰুৰূপে ৰাইজৰ বাবে কাম কৰি যাবলৈ আহ্বান জনাই বিধায়ক ৰূপেশ গোৱালাই ।

লগতে পঢ়ক: কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত মিছন বসুন্ধৰা আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.