ETV Bharat / state

Militant killed in Encounter : অসম-অৰুণাচল সীমান্তৱৰ্তী চাংলাং জিলাৰ মিয়াওত গুলিচালনাৰ ঘটনা, নিহত এজন এনএছচিএন (কে)ৰ কেডাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:48 PM IST

NSCN Cadre Shot Dead In Encounter
চাংলাং জিলাৰ মিয়াওত গুলিচালনাৰ ঘটনা

বুধবাৰে নিশা চাংলাং জিলাৰ মিয়াওত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা ৷ আৰক্ষী আৰু অসম ৰাইফলচৰ যুটীয়া অভিযানত NSCN (K) ৰ এটা দলৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হয় ৷

তিনিচুকীয়া, 14 ছেপ্তেম্বৰ : বুধবাৰে নিশা অসম- অৰুণাচলৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ মিয়াওত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা ৷ অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলচৰ যুটীয়া অভিযানত NSCN (K) ৰ এটা দলৰ সৈতে সংঘৰ্ষ সংঘটিত হয় ৷ আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, মিয়াওৰ কালি মন্দিৰৰ সমীপত সংঘটিত হোৱা সংঘৰ্ষত এটা দুজনীয়া NSCN (K) ৰ এটা দল আছিল ৷ ইয়াৰে কেপ্তেইন থংটছি নামৰ কেডাৰজন সশস্ত্ৰ বাহিনীৰ গুলীত নিহত হয় ৷

নিহত কেডাৰজনৰ পৰা এটা 9 এম এম পিস্তল, 8 ৰাউণ্ড সক্ৰিয় গুলী, নগদ ধনৰ লগতে কিছু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, কেপ্তেইন থংটছিয়ে প্ৰথমে নিজৰ 9এম এম পিস্তলেৰে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি 5-6 ৰাউণ্ড গুলী চালনা কৰে আৰু তাৰে এটা গুলী অসম ৰাইফলচ্‌ৰ বাহনত আঘাত কৰে ৷

লগতে পঢ়ক : NDFB Martyrs Day Observed : বাক্সা জিলাৰ বৰমাত প্ৰাক্তন এন ডি এফ বিৰ 35 সংখ্যক 'শ্বহীদ দিৱস' পালন

পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱেও গুলীৰে প্ৰত্যুত্তৰ দিয়াত কেপ্তেইন থংটছি নামৰ NSCN (K) গ্ৰুপৰ কেডাৰগৰাকী নিহত হয় ৷ আনগৰাকী কেডাৰ নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও অসম ৰাইফলচে্‌ পলায়ন কৰা কেডাৰগৰাকীৰ সন্ধানত আৰম্ভ কৰে অভিযান ৷

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশ মানেই ঘন জংঘলেৰে আৱৰা পাহাৰৰ এক অঞ্চল ৷ যাৰ বাবে NSCN (K), আলফা (স্বা) কে আদি কৰি বিভিন্ন বিদ্ৰোহী সংগঠনসমূহে ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে এই অঞ্চল ৷ তাৰ সমান্তৰালভাৱে ম্যানমাৰৰ পৰাও বিদ্ৰোহী সংগঠনৰ কেডাৰসকলে বিনাদ্বিধাই অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি বিভিন্ন পৰিকল্পনা কৰাৰ লগতে কুটাঘাতমূলক ঘটনাও সংঘটিত কৰি আহিছে ৷

লগতে পঢ়ক : Anantnag Encounter : আজি বিয়লি পঞ্চকুলাৰ গৃহভূমিত উপস্থিত হ'ব শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.