ETV Bharat / state

Baghjan incident: বাঘজানত ক্ষতিগ্ৰস্ত সমূহ পৰিয়ালক অগ্ৰিম ক্ষতিপূৰণৰ ধন মোকলাই দিয়ক- যুৱ সংঘ

author img

By

Published : Aug 16, 2023, 7:00 PM IST

উচ্চতম ন্যায়ালয়ৰ আদেশৰ ওপৰত ভিত্তি কৰি NGTয়ে জাৰি কৰা ৰায়ৰ ভিত্তিত বাঘজান ব্ল'আউটত ক্ষতিগ্ৰস্তসমূহ পৰিয়ালক অগ্ৰিম ক্ষতিপূৰণৰ ধন তাৎক্ষণিকভাৱে মোকলাই দিবলৈ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সংবাদমেল ৷

Milanjyoti Yuva Sangha press meet in Tinsukia
বাঘজানত ক্ষতিগ্ৰস্ত সমূহ পৰিয়ালক অগ্ৰিম ক্ষতিপূৰণৰ ধন মোকলাই দিয়ক- যুৱ সংঘ

বাঘজানত ক্ষতিগ্ৰস্ত সমূহ পৰিয়ালক অগ্ৰিম ক্ষতিপূৰণৰ ধন মোকলাই দিয়ক- যুৱ সংঘ

তিনিচুকীয়া, ১৬ আগষ্ট : মঙলবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাগৃহত বাঘজান গাঁও মিলনজ্যোতি যু্ৱ সংঘই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে যে, ২০২০ৰ ২৭ মে'ত তিনিচুকীয়া জিলাৰ বাঘজান বি জি এন-৫ তৈল কূপত সংঘটিত হৈছিল এক ভয়ংকৰ তৈল বিস্ফোৰণ। যি ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছিল। এই ঘটনাত মানুহৰ ঘৰ-বাৰী, কৃষিভূমি, প্ৰাকৃতিক পৰিৱেশ, জীৱকুল, মৎস্যকুল আদি সকলো ক্ষতি হৈছিল । ইয়াৰ পাচত স্থানীয় লোকসকলে ক্ষয়-ক্ষতিৰ মূল্য বিচাৰি বিভিন্ন আন্দোলন, আবেদন-নিবেদন কৰা কৰিছিল । তাৰ পাচতো বাঘজানবাসী ৰাইজে উচিত ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত হৈ আছিল। পৰৱৰ্তী সময়ত বাঘজান কাণ্ডৰ ক্ষতিপূৰণৰ বিষয়টো মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

উল্লেখ্য যে, ২৫/০৮/২০২০ ত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ, অইল আৰু জিলা প্ৰসাশনৰ উদ্যোগত এক বুজাবুজি চুক্তি হৈছিল, সেই চুক্তি আজি ৩ বছৰ ৪ মাহ দিন উকলি যোৱাৰ পাছতো কাৰ্যকৰী নহ'ল। এই চুক্তি অনুসৰি অইল ইণ্ডিয়াই বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক অগ্ৰিম ধন ২৫/২০ লাখ অথাৎ অতি ক্ষতিগ্ৰস্ত পৰিয়ালক ২৫ লাখ আৰু অলপ কম ক্ষতিগ্ৰস্ত পৰিয়ালক ২০ লাখ অগ্ৰিম ধন দিয়াৰ বাবে মান্তি হৈছিল।

কিন্তু তাৰ পৰৱৰ্তী সময়ত ১৫/১০ লাখ টকা প্ৰদান কৰিয়েই ক্ষতিপূৰণৰ বিষয়টো সমাপ্ত কৰি বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰতাৰণা কৰিলে। ইয়াৰ পৰৱৰ্তী পৰিস্থিতি সকলোৱে জ্ঞাত। বাঘজানৰ লোকক গুলী, লাঠি চার্জ, কাৰাগাৰলৈ নিক্ষেপ কৰি বাঘজানবাসীৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন শেষ কৰাৰ আগভাগ ল'লে অইল ইণ্ডিয়া লিমিটেড আৰু জিলা প্ৰশাসনে।

তেনে সময়তে কলকাতাৰ স্বেছাসেৱী অনুষ্ঠান "বনানী কাক্কৰে" দেশৰ সৰ্বোচ্চ ন্যায়ালয়লৈ বাঘজানৰ বিয়ষটো লৈ গ'ল। তাৰ সুযোগ গ্ৰহণ কৰি বাঘজানবাসীৰ পূৰ্ণ সহযোগত বাঘজানৰ পৰা মনোজ হাজৰিকাৰ নেতিত্বত ৬ জনীয়া দলে বনানী কাক্কৰ গোচৰ নং ২২০১/২০২১ গোচৰত IA No- 135265/2021 গোচৰ দি বাঘজানৰ ক্ষতিপূৰণৰ বিষয়টো উচ্চতম ন্যায়ালয়ত নতুন গতি লাভ কৰে।

উল্লেখযোগ্য যে, মহামান্য উচ্চতম ন্যায়ালয়ত কোট নং ৩ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় বিচাৰপীঠে ২১ ছেপ্টেম্বৰ ২০২২ত বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিষয়টো গুৰুত্ব দি দায়িত্বশীল প্ৰতিষ্ঠানক ক্ষতিপূৰণ দিবলৈ এক আদেশ দিছিল। কিন্তু দুখৰ বিষয় যে, সেই আদেশো কাৰ্যকৰী নহ'ল । পুনৰ সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো ২৩/০১/২০২৩ তাৰিখে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক তাৎক্ষণিক ভাৱে দুমাহৰ ভিতৰত অগ্ৰিম ক্ষতিপূৰণৰ বিষয়টো সমাধান কৰিবলৈ NGTক নিৰ্দেশনা দিলে।

NGTৰ বিচাৰপতি আৰ্দশ কুমাৰ গোয়েলৰ নেতৃত্বত যোৱা ১০/০৩/২০২৩ত শুনানী অনুষ্ঠিত কৰি ৯ জনীয়া এখন সমিতি বনাই ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিষয়টো তথা উচ্চতম ন্যায়লয়ৰ আদেশটো পেলাই ৰাখি শুনানী প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়ে। শেষত দুমাহৰ আদেশটো কাৰ্যকৰী নকৰা আৰু চূড়ান্ত ক্ষতিপূৰণৰ বিষয়টোৰ মডেলিটি তৈয়াৰ নকৰা বিষয়টো লৈ সুকীয়া বিষয়ত "SLP" আৰু অইলৰ CMD ৰঞ্জিত ৰাথ, অসম চৰকাৰ, জিলা উপায়ুক্তৰ বিৰুদ্ধে আদালতত অৱমাননা গোচৰ ৰুজু কৰা হয় ।

আদালত অৱমাননা গোচৰ নং ১৯৯৪৩/২০২৩ আৰু NGTৰ শেহতীয়া আদেশ ১০/০৩/২০২৩ বাতিলৰ দাবীত 15374/2023 গোচৰ চলি আছে। আনহাতে অতি শেহতীয়াকৈ ডায়েৰী নং ১৯৯৪৩/২০২৩ সামাজিক কৰ্মী মনোজ হাজৰিকাই অন্য গোচৰৰ শুনানী লৈ ন্যায়ালয়ৰ কাষ চাপে আৰু সৰ্বোচ্চ ন্যায়ালয়ে তাৎক্ষণিক ভাৱে বাঘজান ক্ষতিগ্ৰস্ত পৰিয়ালক অগ্ৰিম ধন মোকলাই দিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে NGTত MA আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

এই সংবাদমেলত বাঘজান ব্ল'আউটত ক্ষতিগ্ৰস্ত পৰিয়ালক অগ্ৰিম ক্ষতিপূৰণৰ ধন তাৎক্ষণিকভাৱে মোকলাই দিবলৈ চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেডক আমি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই আহ্বান জনায় ৷

লগতে সামাজিক কৰ্মী মনোজ হাজৰিকা আৰু নতুন ৰঙাগড়া গাঁৱৰ পৰা নিৰন্ত গোহাঁই লগত NGTত MA আবেদন দাখিল কৰাৰ পাচত যোৱা ০৮/০৮/২০২৩ত NGT প্ৰিন্সিপাল বেঞ্চে ক্ষতিগ্ৰস্ত বাঘজানবাসী ৰাইজৰ অগ্ৰিম ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত যি আদেশ জাৰি কৰে ৷ সেই আদেশ অইল তথা চৰকাৰ, জিলা আয়ুক্তক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বাঘজানবাসীৰ লগতে পাবলগা ক্ষতিগ্ৰস্ত পৰিয়ালক অতিশীঘ্ৰে অগ্ৰিম ক্ষতিপূৰণ প্ৰদান কৰিবলৈ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Independence Day boycott: স্বাধীনতা দিৱস বৰ্জন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.