ETV Bharat / state

Drugs seized : ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Aug 1, 2023, 1:42 PM IST

তিনিচুকীয়াত নিচাযুক্ত সামগ্ৰী জব্দ ৷ পেঙেৰী আৰক্ষীৰ নিয়মীয়া তালাচিত আটক 12 লোক ।

Drugs seized in tinsukia
তিনিচুকীয়াত নিচাযুক্ত সামগ্ৰী জব্দ

তিনিচুকীয়াত নিচাযুক্ত সামগ্ৰী জব্দ

তিনিচুকীয়া, 1 আগষ্ট: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তো ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ ৷ এইবাৰ চলন্ত বাছত আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰিল নিচাযুকিত ড্ৰাগছ ৷ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল ইংতি আৰু আৰক্ষী উপ পৰিদৰ্শক ধ্ৰুৱজ্যোতি শৰ্মাই সোমবাৰে সন্ধিয়া চলায় নিয়মীয়া তালাচী ৷

তালাচীৰ সময়ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নিচাযুক্ত দ্ৰব্যকে ধৰি কেইবাজনো লোকক ৷ সোনমনি আৰু নৱজ্যোতি নামৰ দুখন বাছত 77 পেকেট Buprenorphine Tablet's জব্দ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ 770 টা টেবলেটসহ 12 জন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । আটক কৰিবলৈ সক্ষম হোৱা লোককেইজনৰ ঘৰ টেকেৰী, কুজুপথাৰ আৰু কঁঠালগুৰিত বুলি জানিবলৈ পৰা গৈছে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটকাধীন আটাইকেইজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে । বিগত মাহত জিলাখনৰ টেকেৰী, কুজুপথাৰ, কঁঠালগুৰি, মুগংপথাৰ, ব্ৰহ্মজানকে ধৰি মুঠ 7 ড্ৰাগছ মাফিয়াক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পূৰ্বেও ড্ৰাগছৰ বিৰুদ্ধে অভিযানত পেঙেৰী আৰক্ষীয়ে 38 ড্ৰাগছ মাফিয়াক আটক কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ।

নিচাজাতীয় টেবলেটৰ এই সৰবৰাহ ক’ৰ পৰা ক’লৈ কেনেদৰে হৈ আছে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলালে শক্তিশালী নিচাযুক্ত গ্ৰব্য সৰবৰাহ চক্ৰ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Looting of money: মটৰ চাইকেলৰ বক্স ভাঙি চোৰে লুটি নিলে 9 লাখ 50 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.