ETV Bharat / state

Looting of money: মটৰ চাইকেলৰ বক্স ভাঙি চোৰে লুটি নিলে 9 লাখ 50 হাজাৰ টকা

author img

By

Published : Aug 1, 2023, 8:51 AM IST

Crime in Dhubri
ধুবুৰীত বৃদ্ধি পাইছে চুৰিৰ ঘটনা

ধুবুৰীত বৃদ্ধি পাইছে চুৰিৰ ঘটনা । দিন দুপৰতে মটৰ চাইকেলৰ বাকচৰ পৰা চোৰে লুটিলে 9.50 লাখ টকা ।

ধুবুৰীত বৃদ্ধি পাইছে চুৰিৰ ঘটনা

ধুবুৰী, 1 আগষ্ট: ধুবুৰীত দিন দুপৰতে ৰাজহুৱা স্থানৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকা ৷ জিলাখনত নিয়মিত হাৰত চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পাই অহা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । সোমবাৰে পুনৰ চোৰে এখন মটৰ চাইকেলত সংযোজিত বাকচৰ পৰা কৌশলেৰে 9.50 লাখ টকা লুটি নিয়া ঘটনা সংঘটিত হয় । চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে যদিও চোৰটোক চিনাক্ত কৰিব পৰা নাই সংশ্লিষ্ট আৰক্ষীয়ে ।

তথ্য অনুসৰি, ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাষানীৰ চৰ গাঁৱৰ ছয়বৰ আলী নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ীজনে 31 জুলাই সোমবাৰৰ আবেলি প্ৰায় 4 বজাত ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী কালিবাৰী শাখাৰ পৰা চেকযোগে 9 লাখ 50 হেজাৰ টকা উলিয়াই । টকাৰ বেগটো নিজৰ মটৰ চাইকেলৰ বাকচত ভৰায় থৈ ধুবুৰীৰ বিদ্যাপাৰাত থকা এখন হোটেলত ভাত খাবলৈ যায় । ইয়াৰ পিচতে হোটেলখনৰ সন্মুখত ৰাখি থোৱা মটৰ চাইকেলৰ বাকচটো ভাঙি কৌশলেৰে 9.50 লাখ টকা লৈ উধাও হয় চোৰটো । পিচত ভুক্তভোগী লোকজনে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে চোৰৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, ধুবুৰীত এটাৰ পিছত এটাকৈ চুৰিকাণ্ড সংঘটিত হৈ থকাৰ সময়তে পুনৰ দিন দুপৰতে মটৰ চাইকেলৰ বাকচৰ পৰা 9.50 লাখ টকা লুটি নিয়া ঘটনাই উদঙাই দিছে আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ । আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ধুবুৰীৰ সচেতন মহলে ।

লগতে পঢ়ক : Bajrang arms taining: বজৰং দলক নিষিদ্ধ কৰাৰ দাবী AIUDF বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.