ETV Bharat / state

Protest at Tinsukia : অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাপ্ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আমৰণ অনশন কাৰ্য্যসূচী

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 3:22 PM IST

অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাপ্ত প্ৰাথমিক শিক্ষক সন্মিলনী তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অসম চাহ মজদুৰ সংঘ ডুমডুমা শাখা সমিতিৰ সহযোগত অমৰণ অনশন কাৰ্য্যসূচী ৷ চাহ বাগিচা প্রাথমিক বিদ্যালয়ত টেট (TET) তথা চৰকাৰী শিক্ষক নিযুক্তিৰ নির্দেশনা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্থগিত ৰখাৰ ব্যৱস্থা কৰা আৰু দৈনিক মজুৰি হিচাপে কৰ্মৰত শিক্ষক- শিক্ষয়িত্ৰীসকলক অতি শীঘ্ৰে একে লগে পদোন্নতি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী ৷

Protest at Tinsukia
চাহ বাগিচা দৈনিক মজুৰি প্ৰাপ্ত প্ৰাথমিক শিক্ষক সন্মিলনী

আমৰণ অনশন কাৰ্য্যসূচী

তিনিচুকীয়া, ১৮ ছেপ্টেম্বৰ : অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাপ্ত প্ৰাথমিক শিক্ষক সন্মিলনী তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অসম চাহ মজদুৰ সংঘ ডুমডুমা শাখা সমিতিৰ সহযোগত তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সাব্যস্ত কৰে অমৰণ অনশন কাৰ্য্যসূচী ৷ কাৰ্য্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে অৱগত কৰে যে, যিহেতু শ্ৰম বিভাগৰ নিৰ্দেশ মর্মে তিনিচুকীয়া সহঃ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত বাগিচা কর্তৃপক্ষ, অসম চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ আৰু (ABITA ) এবিটাৰ উপস্থিতিত বাগিচাৰ প্ৰাথমিক বিদ্যালয় সমুহত দীর্ঘ দিন ধৰি কৰ্মৰত দৈনিক মজুৰি প্ৰাপ্ত শিক্ষক/শিক্ষয়িত্ৰীসকলক অতি শীঘ্ৰে টেট ( TET) তথা চৰকাৰী শিক্ষক নিযুক্তি দিয়াৰ আগতে পদোন্নতি কৰাৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷

কিন্তু অতি দুর্ভাগ্যজনক কথা যে, এই চুক্তি অৱমনা কৰি ১১ ছেপ্টেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনাৰ জৰিয়তে চাহ বাগিচা প্রাথমিক বিদ্যালয়ত টেট তথা চৰকাৰী শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ইয়াৰ ফলত এই শিক্ষকসকলৰ পদোন্নতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে ৷ গতিকে দৈনিক মজুৰি প্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰী সকলৰ পদোন্নতি নোহোৱালৈকে অসম চৰকাৰৰ শিক্ষা বিভাগে ১১ ছেপ্টেম্বৰত প্ৰেৰণ কৰা চাহ বাগিচা প্রাথমিক বিদ্যালয়ত টেট (TET) তথা চৰকাৰী শিক্ষক নিযুক্তিৰ নির্দেশনা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্থগিত ৰখাৰ ব্যৱস্থা কৰা আৰু দৈনিক মজুৰি হিচাপে কৰ্মৰত শিক্ষক- শিক্ষয়িত্ৰী সকলক অতি শীঘ্ৰে একে লগে পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিবলৈ ৪৮ ঘন্টাৰ সময়সীমা ধাৰ্য কৰিছে ৷

অন্যথা এই আমৰণ অনশন কাৰ্যসূচী অনির্দিষ্টকাললৈ অবিৰতভাৱে অব্যাহত ৰাখিবলৈ বাধ্য হ’ব আৰু কোনো টেট শিক্ষকক চাহ বাগিচা প্রাথমিক বিদ্যালয়সমূহত যোগদান তথা প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি জানিবলৈ দিয়ে জিলা সভাপতি বিজয় পানিকা আৰু সম্পাদক পংকজ তাঁতীয়ে ৷

লগতে পঢ়ক : Court notice to Assam CM: ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.