ETV Bharat / state

ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই

author img

By

Published : Dec 13, 2020, 10:13 PM IST

ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই
ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই

অসমবাসীৰ বাবে এটা ভাল খবৰ । ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই । পূৰ্বৰে পৰা দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে জনাজাত আছিল ৷ এই অভয়াৰণ্যখন এতিয়াৰেপৰা স্বীকৃত হ’ল দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৷

তিনিচুকীয়া,13 ডিচেম্বৰঃ জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিবলৈ কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱে এতিয়া উৎফুল্লিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতি- প্ৰেমী সকলক।

ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই
ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত হ’লে উদ্যানখনৰ উন্নয়ন তথা সুৰক্ষাৰ দিশটো অধিক ভালদৰে চোৱা-চিতা কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস প্ৰদান কৰিছিল ৷ উল্লেখযোগ্য যে, দেওবাৰে ৰাজ্যপালে স্বাক্ষৰ কৰি অনুমোদন জনোৱাৰ পাচতেই ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীত হ’ল দিহিং পাটকাই ।

লগতে পঢ়কঃ ফেৰীত উঠিবলৈ লওতেই নদীত পৰিল সামগ্ৰীভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.