ETV Bharat / state

Dangerous Boat Journey: শদিয়াত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা

author img

By

Published : Dec 22, 2022, 4:14 PM IST

Updated : Dec 22, 2022, 4:44 PM IST

টুলুঙা নাৱেৰে এক বিপজ্জনক যাত্ৰা শদিয়া সমষ্টিৰ এটা অঞ্চলত (dangerous boat journey in Sadiya constituency) ৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত যে প্ৰতিশ্ৰুতি হৈয়ে থাকে তাৰে এক নিদৰ্শন এয়া ৷

Tinsukia
Tinsukia

শদিয়া সমষ্টিত যাতায়াতত দুৰ্ভোগ

তিনিচুকীয়া, ২২ ডিচেম্বৰ : টুলুঙা নাৱেৰে এক বিপজ্জনক যাত্ৰা শদিয়া সমষ্টিৰ এটা অঞ্চলত (dangerous boat journey in Sadiya constituency) ৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত যে প্ৰতিশ্ৰুতি হৈয়ে থাকে তাৰে এক নিদৰ্শন এয়া ৷ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা ৰাজহ চক্ৰৰ নবৰমূৰা আৰু ডাঙৰী গাঁও পঞ্চায়তৰ মাজত আলুবাৰী পাৰঘাটত বছৰ বছৰ ধৰি বিপজ্জনকভাৱে টুলুঙা নাৱেৰে যাত্ৰা কৰি আহিছে স্থানীয় শতাধিক পৰিয়ালৰ ৰাইজে ৷

স্থানীয় বিধায়ক বলীন চেতিয়াৰ (Sadiya MLA Bolin Chetia) লগতে জিলা পৰিষদ, পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিসকলক বহু আবেদন কৰাৰ পিছতো স্থানীয় ৰাইজৰ প্ৰতি এইসকল জনপ্ৰতিনিধিৰ নাই কোনো সঁহাৰি (people urged bridge in Sadiya constituency) ৷ ইফালে শদিয়া সমষ্টিত এইবাৰ চাৰিটা কাৰ্যকালৰ কাৰণে একেগৰাকী বিধায়কেই দায়িত্ব লাভ কৰাৰ পাছতো গুৰুত্ব নাই এইসকলক দৰিদ্ৰ কৃষক ৰাইজৰ সমস্যাৰ প্ৰতি ৷

মাথোঁ নিৰ্বাচনত ভোট বিচাৰি অহা ৰাজনৈতিক দলসমূহৰ নেতাসকলে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে- এইবাৰ আপোনালোকৰ দলং হৈ যাব । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত এই দলঙৰ কথা বা তাৰ বাবে দিয়া প্ৰতিশ্ৰুতি একেবাৰে পাহৰি যায় জনপ্ৰতিনিধিয়ে ৷ ৰাইজৰ সমস্যা সমস্যা হৈয়ে ৰৈ যায় ৷ প্ৰতিদিনে পুৱাৰে পৰা শাক-পাচলি ব্যৱসায়ী তথা খেতিয়কসকলে বাইচাইকেলত বোজাই কৰি নিয়া বেগসমূহ টুলুঙা নাৱত তুলি নদীখন পাৰ কৰি পুনৰ বাইচাইকেলত উঠাই তেওঁলোকে অতি কষ্টেৰে বজাৰলৈ নিবলগা হয় ৷

সেয়ে অঞ্চলটোৰ দুৰ্ভোগ ভুগি অহা ৰাইজৰ স্থানীয় বিধায়ক বলীন চেতিয়া তথা ৰাজ্য চৰকাৰলৈ আহ্বান, সোনকালে আলুবাৰীৰ টুলুঙা নাৱৰ পাৰঘাটটোত দলং নিৰ্মাণ কৰি যাতায়াতৰ যেন সুবিধা কৰি দিয়ে ৷ যিহেতু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ (Dibru Chaikhowa national park) দ্বিতীয় দুৱাৰো কিছুদিনৰ পাছত মুকলি হ'ব ৷ সেয়ে বনৰীয়া ঘোঁৰাৰ লগতে বহু প্ৰজাতিৰ পক্ষী চাবলৈ আগমন ঘটিব দেশী-বিদেশী পৰ্যটকৰ । গতিকে উক্ত দলংখন নিৰ্মাণ হ'লে চৰকাৰে যথেষ্ট কৰ লাভ কৰিব বুলিও স্থানীয় ৰাইজৰ মন্তব্য ৷

লগতে পঢ়ক :Horrific Incident at Khanapara : খানাপাৰাত উদণ্ড যুৱকে চুলিত ধৰি চোঁচৰালে যুৱতীক

Last Updated : Dec 22, 2022, 4:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.