ETV Bharat / state

Guinness Book of World Records: বিহুৰ বিশ্বমুখী যাত্ৰালৈ সাজু তিনিচুকীয়াৰ বিহুৱা-নাচনী

author img

By

Published : Apr 8, 2023, 8:56 PM IST

Guinness Book of World Records
বিহুৰ বিশ্বমুখী যাত্ৰালৈ সাজু তিনিচুকীয়াৰ বিহুৱা-নাচনী

ব'হাগলৈ দিনচেৰেক । ৰঙালীক আদৰৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া (Rangali bihu 2023) । ঢোল-পেঁপাৰ মাতত গাত তত নোহোৱা হৈছে ডেকা-গাভৰুৰ । ইফালে ৰঙালী বিহুৰ সময়তে এইবাৰ বিশ্বমুখী হ'ব বিহু । বিহুক বিশ্বমুখী কৰিবলৈ সাজু হৈছে তিনিচুকীয়াৰ প্ৰায় ৫০০ ৰো অধিক বিহুৱা নাচনী ।

বিহুৰ বিশ্বমুখী যাত্ৰালৈ সাজু তিনিচুকীয়াৰ বিহুৱা-নাচনী

তিনিচুকীয়া,৮ এপ্ৰিল: ব'হাগলৈ মাজত মাত্ৰ কেইটিমান দিন । উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ চুকে-কোণে (Rangali bihu 2023) । পিছে এইবাৰ ৰঙালী বিহুৰ কথাই সুকীয়া । কিয়নো ৰাজ্য চৰকাৰৰ নেতৃত্বত বিহু হ'ব বিশ্বমুখী (Bihu practice in Assam) । গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দহ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে একক স্থানত প্ৰদৰ্শন কৰিব বিহু নৃত্য ।

বিশ্ব অভিলেখ গঢ়াৰ এই ঐতিহাসিক ক্ষণত তিনিচুকীয়া জিলাৰ আটাইকেইটা সমষ্টিৰ পৰা সৰ্বমুঠ ৫০০ গৰাকী নিৰ্বাচিত বিহুৱা আৰু বিহুৱতীয়ে অংশগ্ৰহণ কৰিব । ইতিমধ্যে বিগত ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে প্ৰশিক্ষক তত্বাৱধানত জিলাখনৰ আটাইকেইটা সমষ্টিতে নিৰ্বাচিত বিহুৱা আৰু বিহুৱতীসকলক প্ৰশিক্ষণ প্ৰদান প্ৰক্ৰিয়া সম্পূর্ণ কৰা হৈছে (Guinness Book of World Records through Bihu) ।

শনিবাৰে ডিগবৈৰ জুবিলি খেল পথাৰত জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ তথা শদিয়া সমষ্টিৰ নিৰ্বাচিত পাঁচশ বিহুৱা-নাচনীয়ে একেলগে জিলা পৰ্যায়ৰ চূড়ান্ত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে । জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই জিলা পৰ্যায়ৰ বিহুৰ চূড়ান্ত আখৰাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Bihu Guinness Book of World Records) ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ অনুষ্ঠিত হ'বলগীয়া এই ঐতিহাসিক বিহু নৃত্যত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা বিহুৱা আৰু বিহুৱতীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সম্পূর্ণ নিয়মানুৱৰ্তিতাৰে নিজৰ উত্তম প্ৰদৰ্শন আগবঢ়াবলৈ আহ্বান জনায় । গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিহু নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি মহৎ উদ্দেশ্য হাতত লৈছে তাকে লৈ প্ৰতিগৰাকী অসমবাসী গৌৰাম্বিত বুলি উল্লেখ কৰে ।

তিনিচুকীয়া জিলাৰ অংশগ্ৰহণকাৰীসকলক উৎকৃষ্ট মানৰ প্ৰদৰ্শন আগবঢ়াই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায় । ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে তিনিচুকীয়া জিলাৰ পৰা নিৰ্বাচিত বিহুৱা আৰু বিহুৱতী সকলক বিশ্ব অভিলেখ গঢ়াৰ বাবে আয়োজিত এই ঐতিহাসিক বিহু নৃত্যত আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

তেখেতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে নিজৰ স্বাস্থ্যৰ প্ৰতিও বিশেষভাৱে গুৰুত্ব দিবলৈ কয় । লগতে সকলোকে নিজৰ প্ৰয়োজনী সামগ্ৰীসমূহ লগত নিবলৈ আহ্বান জনায় । গুৱাহাটীত কিবা অসুবিধাৰ সন্মুখীন হ'লে দায়িত্বত থকা বিষয়াক অৱগত কৰিবলৈ অনুৰোধ জনায় । তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে বিহু নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে নিৰ্বাচিত হোৱা জিলাখনৰ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিয়মানুৱৰ্তিতা তথা আত্মবিশ্বাসেৰে উৎকৃষ্ট মানৰ প্ৰদৰ্শন আগবঢ়াই ৰাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Preparation for Bihu: বিহু মঞ্চলৈ বুলি আখৰাত ব্যস্ত নীল আকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.