Preparation for Bihu: বিহু মঞ্চলৈ বুলি আখৰাত ব্যস্ত নীল আকাশ

By

Published : Apr 8, 2023, 6:39 PM IST

thumbnail

মৰাণ,৮ এপ্ৰিল: পদুলি মুখত হেঁপাহৰ ৰঙালী বিহুটি (Rangali Bihu 2023) । কুলি কেতেকীৰ মাতে জীপাল কৰিছে পৰিৱেশ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় উজনি অসমৰ ডিব্ৰুগড় । বৃহত্তৰ ডিব্ৰুগড় জিলাৰ প্ৰতিখন গাঁৱতে এতিয়া ঢোলৰ গুম-গুমনিৰে মুখৰিত হৈ পৰিছে । বিহু অহাৰ উমান পাই কপৌ, নাহৰ, তগৰ জোপাইও মিচিকি হাঁহি মাৰি ফুলিব ধৰিছে ।  

বাৰী কাষৰ আম জোপাও মলিয়াবলৈ ধৰিছে । ইফালে গাঁৱৰ জীয়ৰী-বোৱাৰীসকলো ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুৱান, ৰুমাল আদি বোৱাত (Preparation for Rangali Bihu) । আনন্দ মনেৰে তাঁতশালত ব্যস্ত হৈ পৰা দুই এগৰাকী জীয়াৰী-বোৱাৰীৰ মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে । সমান্তৰালকৈ ঢেঁকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্যঞ্চলৰ বহু মহিলা । এক কথাত ক'বলৈ গ'লে ঢেঁকীৰ শব্দই অন্য এক মাদকতা সৃষ্টি কৰিছে গাঁওসমূহত (Preparation for Bihu) ।  

ইয়াৰ লগে লগেই বিহু মঞ্চলৈ সাজু হৈছে জনপ্রিয় কণ্ঠশিল্পীসকল । মৰাণত আখৰাস্থলীত ব্যস্ত হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ লগতে কলা-কুশলীসকল (Singer Neel Akash prepares to perform on Bihu stage) । ন-পুৰণি গীতেৰে মঞ্চ কঁপাবলৈ প্রস্তুতি চলাইছে নীল আকাশে । ব'হাগৰ প্ৰথম দিনাৰ পৰাই অনুষ্ঠান আৰম্ভ হ'ব জনপ্ৰিয় কণ্ঠ শিল্পীগৰাকীৰ । ন- পুৰণি সকলো গীত লৈ বিহু মঞ্চলৈ সাজু হোৱা বুলি জানিবলৈ দিয়ে নীল আকাশে । ব'হাগৰ শেষলৈকে বিহু অনুষ্ঠান আছে বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে । বিহু আখৰাস্থলীৰ পৰাই আগতীয়াকৈ ৰাজ্যবাসীক বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে । 

লগতে পঢ়ক: Food poisoning in Dima hasao: দৈ খাই চিকিৎসাধীন 30 জনো অধিক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.