ETV Bharat / state

ক’ভিড সম্পৰ্কীয় নীতি-নিদেৰ্শনা পালন কৰিবলৈ অপাৰগ বাঘজানবাসী

author img

By

Published : Jun 24, 2021, 3:29 PM IST

কেনে আছে বাঘজানবাসী !
কেনে আছে বাঘজানবাসী !

বৰ্তমান মহামাৰী ক’ৰণাই সমগ্ৰ দেশত কাল ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰে এই মহামাৰী পৰা ৰক্ষা পাৱলৈ ইখনৰ পাচত সিখন SOP জাৰি কৰিছে ৷সামাজিক ব্যবধান , মাস্ক পৰিধান কৰাকে ধৰি বিভিন্ন ধৰণৰ নীতি-নিদেৰ্শনা জাৰি কৰিছিল ৷ কিন্তু এই সমূহ নীতি-নিদেৰ্শনা পালন কৰিবলৈ অপাৰগ বাঘজানবাসী ৷

ডুমডুমা,24জুন: তিনিচুকীয়া জিলাৰ বাঘজানত OIL ইণ্ডিয়াৰ BGR-5 নং তৈলকুপত সংঘটিত হোৱা ঘটনা আপোনি হয়তো আজিও পাহৰা নাই । ২০২০ চনৰ ২৭ মে'ৰ দিনটোতে OIL ইণ্ডিয়াৰ বাঘজানস্থিত BGR-5 নং তৈলকুপত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণৰ ফলত খাদটোৰ পৰা অহৰহ নিৰ্গত হৈছিল তেল সংমিস্ৰিত গেছ । পৰৱৰ্তী সময়ত ১৩ দিনৰ পাছত অৰ্থাৎ ৯ জুন তাৰিখে ভয়ংকৰ অগ্নিকাণ্ডই চানি ধৰিছিল সমগ্ৰ বাঘজানক ।

এই ভয়াৱহ ঘটনাই ইতিমধ্যে এটা বছৰ সম্পূৰ্ণ কৰিলে । কিন্তু বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্থ হোৱা বহু পৰিয়ালে আজিও উপযুক্ত ক্ষতিপূৰণৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে বাঘজান-দীঘলটৰং উন্নয়ণ সমিতিয়ে । উল্লেখযোগ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা ৩/৪ কি:মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা প্ৰায় ১৬০০ পৰিয়াল বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্থ হৈছিল ৷ যদিও কেৱল মাত্ৰ ৬১২ টা পৰিয়ালকহে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ক্ষতিপূৰণ প্ৰদান কৰিলে । যাৰ ফলত প্ৰায় ১০০০ ক্ষতিগ্ৰস্থ পৰিয়াল ক্ষতিপূৰণৰ লাভ কৰাৰ পৰা আজিও বঞ্চিত হৈ থকাৰ অভিযোগ কৰি বাঘজান-দীঘলটৰং উন্নয়ণ সমিতিয়ে ৷

কেনে আছে বাঘজানবাসী !

আনহাতে এই সময়তে আন এটা দিশ পোহৰলৈ আহিছে ৷ বৰ্তমান মহামাৰী ক’ৰণাই সমগ্ৰ দেশত কাল ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰে এই মহামাৰী পৰা ৰক্ষা পাবলৈ ইখনৰ পাচত সিখন SOP জাৰি কৰিছে ৷ সামাজিক ব্যবধান, মাস্ক পৰিধান কৰাকে ধৰি বিভিন্ন ধৰণৰ নীতি-নিদেৰ্শনা জাৰি কৰিছিল ৷ কিন্তু এই সমূহ নীতি-নিদেৰ্শনা পালন কৰিবলৈ অপাৰগ বাঘজানবাসী ৷ কাৰণ চৰকাৰে তেওঁলোক দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই সংস্থাপনৰ ক্ষেত্ৰত ৷ যাৰ বাবে তেওঁলোকে আশ্ৰয় শিৱিৰত বসবাস কৰিব লগীয়া হৈছে ৷ সংস্থাপনৰ ব্যৱস্থাটো দূৰৰৈ কথা এই মহামাৰীৰ ক’ৰণাৰ সময়তো তেওঁলোকৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে ৷

সম্প্ৰতি অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোন সকল লোকক ক্ষতিপূৰণ দিলে তাৰ তালিকা ৰাজহুৱা কৰিবলৈ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰেই ক্ষতিগ্ৰস্থ সকলো পৰিয়ালকেই উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ বাঘজান-দীঘলটৰং উন্নয়ণ সমিতিয়ে দাবী জনাইছে । অন্যথা ক্ষতিপtৰণৰ পৰা বঞ্চিত লোকসকলৰ সহযোগত তীব্ৰ আন্দোলন গঢ়িতোলাৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়কঃ তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.