ETV Bharat / state

ভৱিষ্যৎ সুৰক্ষাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজে নিজৰ কাম কৰক : মতিউৰ ৰহমান

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 8:21 PM IST

Assam Sanmilita Mahasangha : অসম চৰকাৰ, দল-সংগঠনৰ বিৰুদ্ধে সৰৱ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ৷ ভৱিষ্যৎ সুৰক্ষাৰ বাবে যদিহে খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজে হাতে-কামে নালাগে তেন্তে খিলঞ্জীয়া জাতিটোৰ ধ্বংস নিশ্চিত বুলি বিস্ফোৰক মন্তব্য ৰহমানৰ ৷

assam sanmilita mahasangha Leader Slam Assam Govt
ভৱিষ্যত সুৰক্ষাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূক নিজে নিজৰ কাম কৰক

ভৱিষ্যত সুৰক্ষাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূক নিজে নিজৰ কাম কৰক

তিনিচুকীয়া, 11 জানুৱাৰী : অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূক লৈ ভবিষ্যদ্বণী অসম সন্মিলিত মহাসংঘৰ ৷ যদিহে নিজে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে হাতে-কামে নালাগে তেতিয়া হ’লে জাতিটোৰ ধ্বংস নিশ্চিত বুলি বিস্ফোৰক মন্তব্য সংগঠনটোৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ৷ বৃহস্পতিবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৰহমানে ৷

খিলঞ্জীয়া সুৰক্ষাৰ সন্দৰ্ভত চৰকাৰ, ৰাজনৈতিক দলৰ ভূমিকাক সমালোচনা কৰি তেওঁ সংবাদমেলত কয় ,‘‘ইংৰাজী 2024 বছৰত অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজা শক্তিৰ বিৰুদ্ধে সিংহৰ দৰে জাগ্ৰত হ'ব লাগিব খিলঞ্জীয়া জনগোষ্ঠীসমূহ । সৰ্বোচ্চ ন্যায়ালয়ত মহাসংঘই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে তৰা গোচৰৰ বিৰোধিতাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বিৰুদ্ধে থিয় দিয়া এক ভয়ংকৰ ক'লা ইতিহাস ৰূপে 2023 চনটো লিপিবদ্ধ হৈ ৰ'ল ৷’’

আছুৰ লগতে কেইবাটাও দল সংগঠন, ৰাজনৈতিক দলক সমালোচনা কৰি তেওঁ কয়, ‘‘অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ গৃহভূমিত শাসনৰ অধিকাৰ হেৰুৱাই ক্ৰমান্বয়ে বিদেশী-বহিৰাগতৰ গোলাম হোৱাৰ দিশে গতি কৰিছে । কাৰণ খিলঞ্জীয়াৰ সমৰ্থনৰ বিপৰীতে অবৈধ বিদেশীৰ পক্ষ লোৱাৰ উদাহৰণ ভাৰতৰ আন ৰাজ্যত তথা পৃথিৱীৰ ক'তো পাবলৈ নাই । কেৱল অসমতহে এনে উদাহৰণ আছে ৷ আছুৰ সৈতে সহযোগ কৰি অবৈধ বিদেশীৰ পক্ষত থিয় দিয়া আন সংগঠনসমূহ হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি বিভিন্ন সংগঠন । খিলঞ্জীয়া জনগোষ্ঠীসমূহে যদি এই ক্ষেত্ৰত সিংহৰ দৰে জাগ্ৰত হৈ 2024 চনত এই ভণ্ড জাতীয়তাবাদীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'ব নোৱাৰে তেন্তে ধ্বংস নিশ্চিত ৷’’

মহাসংঘৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে আৰু কয়, ‘‘দেশ আৰু জাতিতকৈ কোনো ব্যক্তি বা সংগঠন ডাঙৰ নহয় । বিভিন্ন আন্দোলনৰ নামত অসমে সদায় অধিকাৰ হেৰুৱাই আহিছে অপৈনত, অকালপক্ক নেতাৰ বাবে । নেতা আৰু দালাল সকলো আন্দোলনৰ ফলত বিধায়ক, মন্ত্ৰী আৰু ব্যৱসায়ী হৈ সীমাহীন সম্পত্তিৰ অধিকাৰী হৈছে ।’’

লগতে পঢ়ক : নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ: অজান আশংকাত পৰেশ বৰুৱাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.