ETV Bharat / state

Foxtail millet farming: কণীধানৰ খেতিৰে অধিক লাভান্বিত হোৱাৰ সপোন আদৰ্শ কৃষক উত্তম কুমাৰ মৰাণৰ

author img

By

Published : Jun 27, 2023, 12:40 PM IST

অসমৰ মাটিত উৎপাদন কৰা হৈছে কণীধানৰ খেতি ৷ এইবাৰ কণীধানৰ খেতি ৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে আদৰ্শ কৃষক উত্তম কুমাৰ মৰাণে ৷ কেনেদৰে উত্তম কুমাৰে কৰিছে এই খেতি ? এই সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট...

Foxtail millet farming in Tinsukia
কণীধানৰ খেতি সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট

অসমৰ মাটিত উৎপাদন কৰা হৈছে কণীধানৰ খেতি

তিনিচুকীয়া, 27 জুন : আপুনি হয়টো ককা, আজোককাৰ দিনত শুনিছিল কণী ধান নামৰ এবিধ ধানৰ খেতিৰ কথা ৷ পূৰ্বতে এই কণীধানৰ খেতি পৰম্পৰাগতভাৱে কৰিছিল যদিও বৰ্তমান নতুন প্ৰজন্মই চিনি নাপায় কণী ধান অথবা মিলেট ৷ কিন্তু বিহাৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আদিত যথেষ্ট পৰিমাণে খেতি লাভজনকভাৱে কৰাৰ লগতে বহুলভাৱে প্ৰচলিত এই ফক্স টেইল মিলেটৰ ৷ এই মিলেট অনলাইনৰ বজাৰত প্ৰায় 400 টকা পৰ্যন্ত বিক্ৰী হৈ আহিছে ৷

অসমৰ মাটি এনেও সাৰুৱা ৷ যিকোনো এটা বীজ পেলাই দিলেই বাঢ়ে লমালমে, তেন্তে কিয় নহ’ব এই লাভজনক মিলেটৰ খেতি ৷ গতিকে শেহতীয়াকৈ অসমতো পুনৰ আৰম্ভ কৰিছে এই কণীধান অথবা মিলেটৰ খেতি ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ, ফিল’বাৰী, হেবেদা আৰু লাইপুলিত আৰম্ভ কৰিছে পৰীক্ষামূলকভাৱে কণীধান অথবা মিলেটৰ খেতি ৷

কাকপথাৰ খেৰজানৰ আদৰ্শবান খেতিয়ক 43 বছৰীয়া উত্তম কুমাৰ মৰাণে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে 8 বিঘাকৈ মাটিত এই মিলেটৰ খেতি ৷ ইতিমধ্যে এই প্ৰথমবাৰ কৰা মিলেটৰ খেতি পূৰঠ হোৱাৰ লগতে ধান চপাই সমাপ্ত কৰিছে কৃষক ৰাইজে ৷

এই সন্দৰ্ভত উত্তম কুমাৰ মৰাণে জানিব দিয়া অনুসৰি, খেতিডৰা অতি ভাল হৈছে আৰু খেতিডৰাৰ পৰা উন্নত ফচল লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰ যিহেতু পৰীক্ষামূলকভাৱে মাত্ৰ 8 বিঘা মাটিত এই খেতি কৰিছে ৷ গতিকে অহাবাৰ ইয়াতকৈ অধিক কৰাৰ মনত পুহি ৰাখিছে ৷ কিন্তু এই মিলেটৰ প্ৰতি কিলোগ্ৰামত কেনেকৈ আৰু ক’ত বিক্ৰী কৰিব অথবা বজাৰখন কেনেকুৱা সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি সদৰী কৰে ৷

মৰাণে মিলেটৰ লগতে 16 বিঘাকৈ মাটিত চাহ বাগিছা, 22 বিঘা মাটিত বিভিন্ন ধান খেতি কৰাৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতিত বছৰৰ বাৰ মাহেই ব্যস্ত থাকে ৷ সৰুৰে পৰা মৰাণে বিভিন্ন খেতিৰ জৰিয়তে সেউজ বিপ্লৱ কৰি লাভ কৰি আহিছে আদৰ্শ কৃষকৰ সন্মান ৷

মিলেটৰ খেতিৰ বজাৰৰ সন্দৰ্ভত ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক সুশীল শইকীয়াই জানিব দিয়া অনুসৰি, এয়া অতি লাভজনক আৰু চাহিদা থকা খেতি ৷ অনলাইন বজাৰত ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় 400 টকা ৷ গতিকে বজাৰৰ কাৰণে চিন্তাৰ কোনো প্ৰয়োজন নাই ৷ শেহতীয়াকৈ ৰাজ্যৰ 15 খন জিলাক কৃষি বিভাগে মিলেট জিলা হিচাপে ঘোষণা কৰাৰ লগতে মিলেট খেতি পৰীক্ষামূলকভাৱে কৰিবলৈ বীজৰ লগতে উৎসাহ প্ৰদান কৰিছে ৷

তেওঁ কয়, ‘‘আগন্তুক দিনসমূহত অংগনবাড়ী আৰু বিদ্যালয়ত মধ্যাহ্ন ভোজনত মিলেট যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে ৷ কিন্তু এইবাৰ যিহেতু পৰীক্ষামূলকভাৱে কৰা হৈছিল আৰু খেতি যথেষ্ট ভাল হৈছে ৷ সেই হেতুকে এইবাৰ খেতিৰ সকলো কণীধান আমাৰ কোম্পানীয়ে ক্ৰয় কৰি বীজ হিচাপে ৰাইজক কৃষকসকলক সহায় কৰাৰ স্বাৰ্থত বিক্ৰী কৰিব ৷ অতিশীঘ্ৰেই এই কণীধান ফুটুৱাৰ উন্নত মানদণ্ডৰ যন্ত্ৰও তিনিচুকীয়াত উপলব্ধ হ’ব ৷’’

লগতে পঢ়ক : Self reliant by Fish Farming: মৎস পালনেৰে স্বাৱলম্বী হোৱাৰ আহ্বান শিল্পী বিপিন চাউদাঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.