ETV Bharat / state

তিনিচুকীয়াত চুৰি কাৰ্যত জড়িত ৩ মহিলা কৰায়ত্ত

author img

By

Published : May 11, 2021, 9:41 PM IST

নগদ ধন আৰু সোনৰ অলংকাৰ লৈ উধাও কাম কৰা মহিলা
নগদ ধন আৰু সোনৰ অলংকাৰ লৈ উধাও কাম কৰা মহিলা

তিনিচুকীয়াৰ মিলনপল্লি অঞ্চলত তিনি গৰাকী বনকৰা মহিলাক আটক কৰিছে আৰক্ষীয়ে । মালিকৰ ঘৰৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লৈ উধাও হৈছিল মহিলাকেইগৰাকী ।

তিনিচুকীয়া,11 মে’: শেহতীয়াকৈ তিনিচুকীয়াত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰি-ডকাইতি ৷ তেনে সময়তে কাম কৰা মহিলাই মালিকৰ ঘৰৰ পৰা চুৰি কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে ।

মঙলবাৰে মিলনপল্লী অঞ্চলৰ সীমা আগৰৱালাৰ ঘৰৰ পৰা কাম কৰা মহিলাই নগদ ধন, সোণৰ অলংকাৰ লৈ উধাও হয় ৷ পৰৱৰ্তী সময়ত এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই ঘটনাত জড়িত থকাৰ সন্দেহত তিনি গৰাকী মহিলাক আটক কৰে ৷ আটক কৰা মহিলা কেইগৰাকীক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে ।

তিনিচুকীয়াত চুৰি কাৰ্যত জড়িত ৩ মহিলা কৰায়ত্ত

উল্লেখযোগ্য যে, আটকাধীন মহিলা কেইগৰাকীৰ ওচৰত কিছু পৰিমাণৰ নগদ ধন লাভ কৰিছে আৰক্ষীয়ে ৷ কিন্তু কোনো ধৰণৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক: স্বামীক মোকোলাই দিবলৈ কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.