ETV Bharat / state

AMSU protest in Tinsukia: প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ

author img

By

Published : Feb 18, 2023, 7:25 PM IST

তিনিচুকীয়াৰ ৰাজপথত বাহন অৱৰোধ কাৰ্যসূচী ৰূপায়ণ বিভিন্ন দল-সংগঠনৰ ৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা বৃহৎ দল ৷ আৰক্ষীয়ে আৱদ্ধ হৈ থকা বাহনসমূহ মুকলি কৰি দিবলৈ দল-সংগঠনৰ নেতৃত্বক আহ্বান জনায় ৷ কিন্তু লিডুৰ কয়লাখনিত নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ নকৰা পৰ্যন্ত এনেদৰেই কয়লা ভৰ্তি বাহনসমূহ অৱৰোধ কৰিব বুলি সকীয়াই দিয়াৰ লগতে অতি শীঘ্ৰেই প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ দাবী জনায় দল-সংগঠনে (AMSUs road blockade) ৷

AMSU protest demanding recovery of Pranjal Moran's body in Tinsukia
পথ অৱৰোধ কাৰ্যসূচী দল-সংগঠনৰ

পথ অৱৰোধ কাৰ্যসূচী দল-সংগঠনৰ

তিনিচুকীয়া, ১৮ ফেব্ৰুৱাৰী: অবৈধ কয়লাখনিত নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ (Tinsukia Pranjal Moran missing) সন্ধান উলিওৱা, প্ৰাঞ্জল মৰাণৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, কয়লাৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে নিশা অসম মৰাণ সভাৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে চোৰাং সামগ্ৰী কঢ়িওৱা বাহন অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে (AMSU protest) ৷

মাৰ্ঘেৰিটা, লিডুৰ পৰা বিভিন্ন স্থানলৈ সৰবৰাহ কৰা কয়লা ভৰ্তি বাহনসমূহ তিনিচুকীয়া জিলাৰ মাকুম আনন্দবাগৰ ৰাজপথৰে কঢ়িয়াই নিয়াৰ সময়তেই বাহনসমূহ অৱৰোধ কৰে দল-সংগঠনসমূহে ৷ যাৰ ফলত মাকুম আনন্দবাগৰ ৰাজপথত আৱদ্ধ হৈ পৰে অৰ্ধশতাধিক কয়লাভৰ্তি বাহন (Timber syndicate in Tinsukia)। ফলত ৰাজপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা, তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ চিন্ময় পাঠককে আদি কৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হৈ আৱদ্ধ হৈ থকা বাহনসমূহ মুকলি কৰি দিবলৈ দল-সংগঠনৰ নেতৃত্বক আহ্বান জনায় (AMSU protest in Tinsukia) ৷

কিন্তু বাহনসমূহ মুকলি কৰি দিবলৈ অমান্তি হোৱাৰ লগতে অতি শীঘ্ৰেই লিডুৰ কয়লাখনিত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ সন্ধান প্ৰদান কৰাৰ লগতে পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনকেইটাই ৷ সমান্তৰালভাৱে এই ঘটনাৰ স’তে জড়িত ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় দল-সংগঠনে ৷

ঘটনা সন্দৰ্ভত উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই কয় যে প্ৰাঞ্জলৰ মৰাণৰ সন্ধান বিচাৰি অব্যাহত ৰখা হৈছে অভিযান ৷ লগতে প্ৰতিবাদকাৰী সংগঠনকেইটাকো সহযোগিতা আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

আনফালে শুকুৰবাৰে দিনৰ ভাগত অসম মৰাণ সভাৰ নেতৃত্বত এটা বৃহৎ দল প্ৰাঞ্জল মৰাণ সন্ধানহীন হোৱা লিডুৰ কয়লাখনিত উপস্থিত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰে ৷ এই সন্দৰ্ভত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই কয় যে, "যিদৰে ঘটনাস্থলীত এখন এক্সকেভেটৰৰ দ্বাৰা খনন কাৰ্য চলোৱা হৈছে, তেনেকৈ খনন চলি থাকিলে দুমাহ খনন চলাই থাকিলেও প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিব ৷"

তেওঁ লগতে কয় যে, ঘটনাৰ স্থানৰ গভীৰতা ৪০ ফুট ৷ গতিকে উন্নত প্ৰযুক্তিৰে খনন কাৰ্য চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ক’ল ইণ্ডিয়াৰ ভিতৰৰ অঞ্চলত কয়লাৰ খনন কাৰ্য চলাবলৈ প্ৰাঞ্জল মৰাণ ক’ল ইণ্ডিয়াৰ শ্ৰমিক আছিল নেকি সেয়া নিশ্চিত কৰক ৷ লগতে পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পত্নীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক বুলিও দাবী জনায় ৰাজীৱ বড়াই ৷

উল্লেখ্য় যে, তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণে লিডুৰ কয়লাখনিত (Ledu coal mine) কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে (Labourers missing in Ledu coal mine) ৷ প্ৰাঞ্জলৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত লিডু আৰক্ষী চকীত পৰিয়ালবৰ্গই ৪ ফেব্ৰুৱাৰীত ৰুজু কৰিছিল গোচৰ ৷ কিন্তু পৰিয়ালবৰ্গৰ গোচৰৰ পিচতো কোনো সম্ভেদ নোলোৱাত এই ঘটনা সন্দৰ্ভত অব্যাহত আছে দল-সংগঠনৰ প্ৰতিবাদ তথা প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: ATASU protest in Tinsukia: তিনিচুকীয়াত অব্যাহত থকা চোৰাং বেহা বন্ধ কৰাৰ দাবীত আটাছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.