ETV Bharat / state

Allegations of illegal coal mining: টিপং, টিৰাপ আৰু লেখাপানীত কয়লাৰ অবৈধ খননৰ অভিযোগ অজাপৰ

author img

By

Published : Jan 10, 2023, 1:53 PM IST

AJP will conduct field investigations in Tipong, Tirap and Lekhapani reserves
সংৰক্ষিত বনাঞ্চলত কয়লাৰ অবৈধ খননৰ অভিযোগ অজাপৰ

টিপং, টিৰাপ আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত কয়লাৰ অবৈধ খননৰ অভিযোগ অজাপৰ (Allegations of illegal coal mining in reserved forests) ৷ এনে পৰিপেক্ষিতত বনাঞ্চলকেইখনক লৈ এক চৰজমিন তদন্ত কৰিবলৈ সাজু হৈছে অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দল ৷ এই বনাঞ্চলকেইখনত প্ৰৱেশ কৰিবলৈ ইতিমধ্যেই তিনিচুকীয়া জিলা উপায়ুক্তলৈ অনুমতি বিচাৰি AJP য়ে প্ৰেৰণ কৰিছে পত্ৰ ৷

সংৰক্ষিত বনাঞ্চলত কয়লাৰ অবৈধ খননৰ অভিযোগ অজাপৰ

তিনিচুকীয়া, 10 জানুৱাৰী: ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ খনন প্ৰক্ৰিয়া ৷ কয়লাৰ অবৈধ খনন কাৰ্যক লৈ এতিয়া সৰৱ হৈ পৰিছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (allegations of illegal coal mining in reserved forests) ৷ অসম জাতীয় পৰিষদে টিপং, টিৰাপ আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত কয়লাৰ অবৈধ খনন চলি থকাৰ অভিযোগ তুলি নিজাববীয়াকৈ এক চৰজমিন তদন্ত কৰাৰ পোষকতা কৰিছে । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ বিভিন্ন স্থানত ভাৰত প্ৰসিদ্ধ কয়লাৰ অবৈধভাৱে খনন আৰু বেআইনীভাৱে কৰি থকা ব্যৱসায়কলৈ সৰৱ হৈ পৰিছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ।

AJP will conduct field investigations in Tipong, Tirap and Lekhapani reserves
তিনিচুকীয়াত AJPৰ সংবাদ মেল

অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দৰ নেতৃত্বত প্ৰতিনিধি দল এটাই লিডু অঞ্চলৰ অন্তৰ্গত টিপং সংৰক্ষিত বনাঞ্চল, টিৰাপ সংৰক্ষিত বনাঞ্চল আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰত চলিত মাহৰ প্ৰথম সপ্তাহত প্ৰৱেশ কৰিবলৈ অনুমতি বিচাৰি তিনিচুকীয়া জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ ৷ যোৱা ২৭ ডিচেম্বৰতে অনুমতি বিচাৰি জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণৰ কথা উল্লেখ কৰিলে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে (AJP press meet in Tinsukia) ৷

উল্লেখ্য যে বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে যে লিডু অঞ্চলৰ অন্তৰ্গত টিপং সংৰক্ষিত বনাঞ্চল, টিৰাপ সংৰক্ষিত বনাঞ্চল আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰাৰ লগতে অবৈধভাৱে কয়লা খনন কৰি ইয়াৰ সৰবৰাহ কৰি আহিছে ৷ যাৰ ফলত বনাঞ্চল কেইখন ধ্বংসৰ গৰাহলৈ গতি কৰাটো নিশ্চিত বুলি উল্লেখ কৰিলে দলৰ নেতৃত্বই ।

কিন্তু সেইসমূহ স্থানত আইনগত কাৰণত বৰ্তমান ১৪৪ ধাৰা জাৰি থকাৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোক অনুমতি প্ৰদানৰ ক্ষেত্ৰত অসুবিধা থকাৰ কথা উল্লেখ কৰিলে স্থানীয় প্ৰশাসনে । ইয়াৰ পাছতে সোমবাৰে প্ৰতিনিধি দলটোৱে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিক অসম জাতীয় পৰিষদৰ নেতা সঞ্জয় কুমাৰ দেৱৰ স্বাক্ষৰিত এখনি পত্ৰ প্ৰদান কৰে ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দই কয় যে অতি শীঘ্ৰেই জিলা প্ৰশাসন অথবা মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে উক্ত আবেদন পত্ৰৰ যোগাত্মক উত্তৰ দিব আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত সাংবাদিকসহ ১০০ জনীয়া এটা দলে তিনিওখন বনাঞ্চলত প্ৰবেশ কৰি চলাব চৰজমিন তদন্ত ।

লগতে পঢ়ক: Dumper Seized: সোণাৰিত অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.