ETV Bharat / state

Baghjan Oil Leakage: ব্যক্তিগত তৈলখনন কোম্পানীত অনভিজ্ঞ বিষয়াই চলাইছে ৰিগৰ কাম !

author img

By

Published : Apr 4, 2023, 9:58 PM IST

Accused of inexperienced officer running rigs work
ব্যক্তিগত তৈলখনন কোম্পানীত অনভিজ্ঞ বিষয়াই চলাইছে ৰিগৰ কাম

বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হ'ব নেকি ? এই প্ৰশ্নই বাৰুকৈয়ে খেদি ফুৰিছে তিনিচুকীয়াবাসীক । কিয়নো, অনভিজ্ঞ বিষয়াই মইমতালিৰে ৰিগৰ কাম চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Accused of inexperienced officer running rigs work) । ব্যক্তিগত তৈলখনন কোম্পানী MS সিন্ধু ট্ৰেড লিংগচ প্ৰাইভেট লিমিটেডৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ।

ব্যক্তিগত তৈলখনন কোম্পানীত অনভিজ্ঞ বিষয়াই চলাইছে ৰিগৰ কাম

তিনিচুকীয়া,৪ এপ্ৰিল: ব্যক্তিগত তৈলখনন কোম্পানী MS সিন্ধু ট্ৰেড লিংগচ প্ৰাইভেট লিমিটেডত অনভিজ্ঞ বিষয়াই মইমতালিৰে ৰিগৰ কাম চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ CGM ৰ তৰফৰ পৰা অব্যাহতিৰ জাননী দিয়াৰ পিছতো সিন্ধু তৈল কোম্পানীৰ ড্ৰিলিং অধীক্ষক অবিনাশ ফুকনে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে (Inexperienced officer running rigs work) ।

সেয়ে তৈলক্ষেত্ৰ বেচৰকাৰী কৰ্মচাৰী সন্থা আৰু All India Oil and Gas Drilling Exucutive Association ৰ বিষয়ববীয়াসকলে তিনিচুকীয়া জিলাৰ বাঘজানৰ BGI-4 ৰ সিন্ধু ৰিগত উপস্থিত হৈ ৰিগৰ কাম-কাজ বন্ধ কৰাৰ পোষকতা কৰে । ড্ৰিলিঙৰ কামৰ ওপৰত অভিজ্ঞতা নথকা তথা কোনোধৰণৰ কাৰিকৰী শিক্ষা, Well Control ৰ ওপৰত সাধাৰণ জ্ঞান নথকা ব্যক্তি অবিনাশ ফুকনক সিন্ধু কোম্পানীয়ে ড্ৰিলিং অধীক্ষক হিচাবে কেনেদৰে নিযুক্তি দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে সংগঠন দুটাই ।

তৈলক্ষেত্ৰ বেচৰকাৰী কৰ্মচাৰী সন্থা আৰু All India Oil and Gas Drilling Exucutive Association ৰ সংগঠনৰ নেতৃত্বই প্ৰশ্ন উত্থাপন কৰিছে যে, এনেধৰনৰ অনভিজ্ঞ বিষয়াৰ তত্বাৱধানত যদি কৰ্মচাৰীসকলে কাম কৰিবলগা হয়, তেন্তে কৰ্মচাৰী তথা শ্ৰমিকসকল জীৱনৰ সুৰক্ষা কেনেকৈ নিশ্চিত হ'ব ? এইধৰণৰ বিষয়াৰ বাবেই কিছুদিনৰ পূৰ্বে বাঘজানৰ এই তৈলখাদটোত সংঘটিত হৈছিল গেছ নিৰ্গমনৰ এক ঘটনা(Baghjan incident) ।

উক্ত ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজ ৷ তৎস্বত্বেও ৰিগ অধীক্ষক অবিনাশ ফুকনৰ ওপৰত আজিকোপতি কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই । গতিকে শীঘ্ৰেই অবিনাশ ফুকন নামৰ ব্যক্তিজনক অব্যাহতি প্ৰদান কৰি কৰ্মচাৰীসকলক সুৰক্ষিত কৰাৰ লগতে তৈলখনন কোম্পানীটো সুৰক্ষিত কৰিবলৈ দাবী জনাইছে সংগঠন দুটাৰ বিষয়ববীয়াসকলে । অন্যথা আগন্তুক দিনসমূহত এনে ব্যক্তিৰ কাৰণে ৰিগসমূহত যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকাশ কৰে সংগঠন দুটাই ৷

উল্লেখযোগ্য যে, বাঘজানৰ উক্ত ৰিগটোৰ প্ৰায় ৫০ মিটাৰ দূৰত্বত কিছু বছৰ পূৰ্বে সংঘটিত হৈছিল বাঘজান কাণ্ড (Oil Leakage from Baghjan Oil field) ৷ যি কাণ্ডৰ ফলত বাঘজানৰ অধিকাংশই ক্ষতিগ্ৰস্ত হোৱাৰ লগতে জুইত ভস্মীভূত হৈছিল ২৫ টাকৈ বাসগৃহ ৷ প্ৰাণ গৈছিল দুজনকৈ কৰ্মচাৰীৰ ৷ সেয়াও আৰম্ভণি হয়টো কাৰোবাৰ গাফিলতিৰ কাৰণেই হৈছিল ৷ গতিকে পুনৰ যাতে বাঘজানৰ লগতে যিকোনো ৰিগতে তেনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ কাৰণে অইল ইণ্ডিয়া লিমিটেড কিম্বা ব্যক্তিগত প্ৰতিষ্ঠানসমূহে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি মত প্ৰকাশ কৰে সচেতন ৰাইজে ৷

লগতে পঢ়ক: Suspected murder case: যুৱতী হত্যাৰ অভিযোগত এবিএমছুৰ নেতাসহ 4 অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.