ETV Bharat / state

অসম-মিজোৰাম সংঘাত : তিনিচুকীয়াত গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

author img

By

Published : Jul 29, 2021, 1:02 PM IST

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । তিনিচুকীয়াৰ জি. এন.বি ৰোডত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে ।

ajycp protst
তিনিচুকীয়াত গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

তিনিচুকীয়া,২৯ জুলাই : অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাকলৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য । অসমৰ বিভিন্ন ঠাইত দল-সংগঠনে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত অসম আৰক্ষীৰ ছয় গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকৰ মৃত্যুক যেন কোনেও সহজভাৱে ল'ব পৰা নাই । সমগ্ৰ ঘটনাক ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তিৰো দাবী জনাইছে বিভিন্নজনে ।

সমগ্ৰ অসমৰ লগতে বুধবাৰে তিনিচুকীয়া জিলাতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । বৰ্বৰভাৱে মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়াৰ লগতে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৰ কৰ্মকৰ্তাই ।

ইফালে সংগঠনটোৰ দাবী এইক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে অমিত শ্বাহৰ নেতৃত্বৰ গৃহ বিভাগ । যাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতিও দাহ কৰে সংগঠনটোৱে । তিনিচুকীয়াৰ জি. এন.বি ৰোডত অমিত শ্বাহৰ (Amit Shah) প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে । উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) ভাৰপ্ৰাপ্ত সভাপতি যদু সোনোৱাল, সাধাৰণ সম্পাদক কাঞ্চন বৰাৰ লগতে সংগঠনটোৰ বহু কেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে ২৬ জুলাইত মিজো আৰক্ষীৰ আক্ৰমণত লাইলাপুৰত ৬ গৰাকী অসম আৰক্ষীৰ জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে । এতিয়াও সংকটজনক অৱস্থাত আছে কেইবাগৰাকী লোক । প্ৰায় ৫০ গৰাকী লোক এই ঘটনাত আহত হৈছে । সেইসকলৰ কেইবাজনকো উন্নত চিকিসাৰ বাবে ইতিমধ্যে গুৱাহাটীৰ জিএমচিএইচলৈ (GMCH) প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :শিলচৰত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.