ETV Bharat / state

শদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jan 9, 2021, 10:13 AM IST

Accident in sadiya etv bharat news
শদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

শদিয়াৰ মেগেলা গাঁৱত সংঘটিত পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ ফলত আহত হৈছে 16 গৰাকীকৈ লোক ৷ আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চপাখোৱা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷

শদিয়া,9 জানুৱাৰী: তিনিচুকীয়া জিলাৰ শদিয়াৰ মেগেলা গাঁৱত সংঘটিত হৈছে এক শোকৱহ পথ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা ট্ৰেক্টৰ আৰু এখন ডিআই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় 16 গৰাকীকৈ লোক ৷ আহত লোকসকলৰ ভিতৰত 6 টি শিশু থকা বুলি জানিব পৰা গৈছে ৷ আহতসকল শদিয়াৰ বৰগড়া-লাইপুলি গাঁৱৰ বাসিন্দা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ডিআই বাহনখনত থকা প্ৰায় 30 গৰাকী লোকে বনভোজ খাই ঘৰমুৱা হোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চপাখোৱা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ তদুপৰি 5 গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তিনিচুকীয়ালৈ ৷

লগতে চাওকঃ টুইটাৰে স্থায়ীভাৱে বন্ধ কৰিলে ড’নাল্ড ট্ৰাম্পৰ একাউন্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.