ETV Bharat / state

তিনিচুকীয়াত আটছাৰ প্ৰতিবাদ

author img

By

Published : Jun 21, 2019, 8:09 AM IST

তিনিচুকীয়াত আটছাৰ ধৰ্ণা

চাহ জনজাতিৰ শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ ৷ বিজেপি চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ সংগঠনটোৰ ৷

তিনিচুকীয়া, 21 জুন: চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা, উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ ব্যৱস্থা কৰাৰ দাবীত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 3 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে | ছাত্ৰ সংগঠনৰ নেতৃত্বই অভিযোগ কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে চাহ বাগিচা অঞ্চলত 100 খন হাইস্কুল স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে যদিও বৰ্তমান পৰ্যন্ত প্ৰতিশ্ৰুতি পূৰণ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই |

তিনিচুকীয়াত আটছাৰ ধৰ্ণা

সংগঠনটোৱে চৰকাৰক ঘোষণা কৰা অনুসৰি চাহ বাগিছা অঞ্চলত 100 খন হাইস্কুল শীঘ্ৰে স্থাপন কৰাৰ দাবী জনায় | ইয়াৰ লগতে বাগিচা অঞ্চলত থকা প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহ চৰকাৰীকৰণৰ ব্যৱস্থা কৰা, উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক শীঘ্ৰে নামভৰ্তিকৰণৰ ব্যৱস্থা কৰা, তিনিচুকীয়াৰ ডুমডুমা অঞ্চলত মহাবিদ্যালয়ৰ কাম কাজ শীঘ্ৰে আৰম্ভ কৰাৰ বাবে সংগঠনটোৱে দাবী জনায় | চৰকাৰে শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আটছাই অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে |

Intro:STORY::-তিনিচুকীয়াত আটছাৰ ধৰ্ণা


তিনিচুকীয়া,২০জুন:- চাহ জনজাতিৰ ছাত্র ছাত্রী সকলৰ শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা তথা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্রীসকলৰ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ দাবীত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্র সন্থাৰ তিনিচুকীয়া সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰুপায়ণ কৰে | ছাত্র সংগঠনৰ দাবী যে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে চাহ বাগিচাত ১০০ খন হাইস্কুল স্থাপন কৰা প্ৰতিশ্ৰুতি আজিপৰ্য্যন্ত পূৰণ কৰা নাই | তাৰ উপৰিও চৰকাৰে চাহ বাগিচা অঞ্চলত শিক্ষাৰ বাবে কোনোধৰণৰ ব্যৱস্থা কৰা নাই বুলিও সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে | সেয়েহে তেঁওলোকে চৰকাৰক দাবী জনাই যে চৰকাৰে ঘোষণা কৰা চাহ বাগিছা অঞ্চলত ১০০ খন হাইস্কুল অতিশীঘ্ৰে স্থাপন কৰক | বাগিচা অঞ্চলত থকা প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় সমূহ চৰকাৰীকৰণৰ ব্যৱস্থা কৰক | উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্র ছাত্রীসকসকলক অতিশীঘ্ৰে নামভৰ্তিকৰণৰ ব্যৱস্থা কৰক | তিনিচুকীয়াৰ ডুমডুমা অঞ্চলত মহাবিদ্যালয়ৰ কাম কাজ অতিশীঘ্ৰে আৰম্ভ কৰক | সংগঠনটোৱে জানিব দিয়ে যে যদিহে চৰকাৰে সংগঠনটোৰ উক্ত দাবী সমূহ সমানি নলয় তেম্তে অনাগত দিনত তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হব |

Body:BYET:-কাৰ্তিক তাঁতী,নেতা,আটছাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.