ETV Bharat / state

মাৰ্ঘেৰিটাত আছুৱে আঁতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক

author img

By

Published : Jan 23, 2020, 9:31 PM IST

মাৰ্ঘেৰিটা
মাৰ্ঘেৰিটাত আছুৱে আতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক

মাৰ্ঘেৰিটাত ব্যৱসায়ী প্ৰতিষ্ঠানত ইংৰাজী আৰু হিন্দী ভাষাত লিখা নামফলক আঁতৰালে আছুৱে ৷ আছুৰ প্ৰায় অৰ্ধ শতাধিক নেতৃবৰ্গই মাৰ্ঘেৰিটা বজাৰৰ মাজ-মজিয়াৰ পৰা আঁতৰাই ফলকসমূহ ৷

মাৰ্ঘেৰিটা, 23 জানুৱাৰীঃ মাৰ্ঘেৰিটাত বৃহস্পতিবাৰে আছুৱে ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা আঁতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তে মাৰ্ঘেৰিটাত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহন কৰিলে এই পদক্ষেপ ৷ যি সকল ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা অন্য ভাষাৰ নামফলক ব্যৱহাৰ হৈ আহিছিল সেই সকলোবোৰ নামফলক সংগঠনটোৱে ফালি পেলায় ৷ আছুৰ প্ৰায় অৰ্ধ শতাধিক নেতৃবৰ্গই মাৰ্ঘেৰিটা বজাৰৰ মাজ-মজিয়াত কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ইংৰাজীত লিখা নামফলক সমূহ আঁতৰাই দিয়ে ৷

মাৰ্ঘেৰিটাত আছুৱে আতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক

উল্লেখ্য যে, সংগঠনটোৱে ব্যৱসায়ী সকললৈ "অসমীয়া ভাষা" ব্যৱহাৰ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু ব্যৱসায়ীসকলে সেই নিৰ্দেশনা অমান্য কৰা বাবেই সংগঠনটোৱে নিজাববীয়াকৈ এই পদক্ষেপ ল'বলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃ ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট

Intro: (অসমতে এলাগী অসমীয়া ভাষা)_মাৰ্ঘেৰিটাত আছুৱে ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা আতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক…

✒ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তে মাৰ্ঘেৰিটাত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহন কৰিলে এক অভিনৱ পদক্ষেপ ৷

✒ যি সকল ব্যৱসীয়ী প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা অন্য ভাষাৰ নামফলক ব্যৱহাৰ হৈ আহিছিল সেই সকলোবোৰ নামফলক সংগঠনটোৱে আজি ফালি পেলাই ৷

✒ সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক নেতৃবৰ্গই মাৰ্ঘেৰিটা বজাৰৰ মাজ-মজিয়াত কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ইংৰাজীত লিখা নামফলক সমূহ আতৰাই দিয়ে ৷৷

👉 উল্লেখ্য যে সংগঠনটোৱে ব্যৱসায়ী সকললৈ "অসমীয়া ভাষা" ব্যৱহাৰ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তূ ব্যৱসায়ীসকলে সেই নিৰ্দেশনা অমান্য কৰা বাবেই সংগঠনটোৱে নিজাববিয়াকৈ এই পদক্ষেপ লবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে ৷

Body:Byte-Assu sutdentConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.