ETV Bharat / state

15 বছৰে মুগা পালন কৰা এটি বৃদ্ধ দম্পতীক লাগে চৰকাৰৰ সহায়

author img

By

Published : Jun 16, 2021, 11:02 PM IST

Muga rearing for 15 years
15 বছৰে এহাল দম্পতীৰ মুগা পালন

তৈলনগৰী ডিগবৈ চহৰৰ দাঁতিকাষৰীয়া বগাপানী কলনিত অৱস্থিত,বন বিভাগৰ অধীনস্থ আৰৰ্বৰেটামত এহাল ষাঠিৰ উৰ্ধৰ দম্পতীয়ে বিগত পোন্ধৰটা বছৰে কৰি আহিছে মুগা পালন ৷ বন বিভাগৰ অধীনস্থ আৰ্বটৰিমত প্ৰায় এশ জোপা মুগা পালন কৰা গছ নিজে ৰোপণ কৰি প্ৰতিবছৰে এক লাখ টকা উপাৰ্জন কৰাৰ কথা অৱগত কৰিছে ইন্দ্ৰেশ্বৰ গগৈ আৰু দিপালী গগৈয়ে ৷

ডিগবৈ, 16 জুন : লকডাউনৰ এই সময়চোৱাত বিভিন্ন জনে বিভিন্ন বিপদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ শিল্পীৰ পৰা সাধাৰণ জনতালৈ সকলোৱে কৰ্মৰ অভাৱত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ তেনেক্ষেত্ৰত ডিগবৈৰ এটা দম্পতীৰ ব্য়তিক্ৰমী প্ৰয়াসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ বয়সৰ সীমাকো নেওচি ডিগবৈত এটা দম্পতীৰ অভিনৱ প্ৰচেষ্টা ৷ বিগত পোন্ধৰ বছৰে দম্পতীয়ে কৰি আহিছে মুগা পালন ডিগবৈৰ ষাঠিৰ উৰ্ধৰ দম্পতীৰ ৷

15 বছৰে এহাল দম্পতীৰ মুগা পালন

তৈলনগৰী ডিগবৈ চহৰৰ দাঁতিকাষৰীয়া বগাপানী কলনিত অৱস্থিত বন বিভাগৰ অধীনস্থ আৰৰ্বৰেটামত এটি ষাঠিৰ উৰ্ধৰ দম্পতীয়ে বিগত পোন্ধৰটা বছৰে কৰি আহিছে মুগা পালন ৷ বন বিভাগৰ অধীনস্থ আৰ্বটৰিমত প্ৰায় এশ জোপা মুগা পালন কৰা গছ নিজে ৰোপণ কৰি প্ৰতিবছৰে এক লাখ টকা উপাৰ্জন কৰাৰ কথা অৱগত কৰিছে ইন্দ্ৰেশ্বৰ গগৈ আৰু দিপালী গগৈয়ে ৷ উল্লেখযোগ্য যে,ব্যক্তিগত প্ৰচেষ্টাত বিগত পোন্ধৰ বছৰে মুগা পালন কৰি জীৱন নিৰ্বাহ কৰি অহা ষাঠিৰ উৰ্ধৰ দম্পতীয়ে,অৱগত কৰা অনুসৰি আজি পৰ্যন্ত বহু বাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিও কোনো প্ৰকাৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ইন্দ্ৰেশ্বৰ গগৈ আৰু দিপালী গগৈয়ে ৷

মুগা পালন কৰি পৰিয়াল পোহ-পাহ দি থকা বৃদ্ধ দম্পতীটো, ব্যৱসায়টো সম্পসাৰিত কৰাৰ প্ৰবল ইচ্ছা আছে যদিও নিজৰ গাঁঠিৰ ধনৰ অভাৱৰ কথা প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ পৰা কিছু পৰিমাণে সহায় আগবঢ়ালে মুগা পালনৰ ব্যৱসায়টো সম্পসাৰিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বৃদ্ধ দম্পতীয়ে ৷

লগতে পঢ়ক:মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.