ETV Bharat / state

Oil thief detained : তিনি তেল চোৰ আটক

author img

By

Published : Jun 16, 2023, 12:29 PM IST

খাৰুৱা তেল চোৰে তিনিচুকীয়াত আৰক্ষীক চেলেঞ্জ কৰি অব্যাহত ৰাখিছে তেলচুৰি কাণ্ড ৷ মাকুমত চোৰাং খাৰুৱা তেলভৰ্তি টেংকাৰৰ সৈতে জড়িত তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত ৷

Oil thief detained
তিনি তেল চোৰ আটক

তিনিচুকীয়া, 16 জুন : তিনিচুকীয়া আৰক্ষীয়ে তেল চোৰৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তেই তিনিচুকীয়া আৰক্ষীক যেন একপ্ৰকাৰে চেলেঞ্জ কৰি তেলচোৰে অব্যাহত ৰাখিছে চুৰি কাণ্ড ৷ বৃহস্পতিবাৰৰ পুৱতি নিশা মাকুমত পুনৰ জব্দ হয় চোৰাংকৈ সৰবৰাহ কৰা খাৰুৱা তেলভৰ্তি এখন টেংকাৰ ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটা দলে তহল দি থকাৰ সময়তে মাকুম বাইপাচ দিশৰ পৰা AS-06 AC-1691 নম্বৰৰ এখন টেংকাৰ আহে ৷ খাৰুৱা তেল চোৰ কৰি মাকুম বাইপাচ হৈ ডিগবৈ অভিমুখে গৈ থাকোঁতে টেংকাৰখন আৰক্ষীৰ জালত পৰে ।

তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত শুকানপুখুৰীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা ট্রেপিঙৰ জৰিয়তে টেংকাৰ খন ভৰ্তি কৰা হৈছিল বুলি চালকজনে জানিবলৈ দিয়ে । জব্দ কৰা টেংকাৰখনৰ চালকজন বঙাইগাঁৱৰ বুদ্ধি দাস (26) বুলি জানিবলৈ পৰা গৈছে ৷ ইফালে, ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী-অইলৰ নিৰাপত্তাৰক্ষী, পাইপলাইনৰ লোক উপস্থিত হৈ ঘটনাস্থলী নিৰীক্ষণ কৰাৰ লগতে খাৰুৱা তেলৰ পাইপলাইনত চোৰে বহুৱা ট্রেপিঙ পইন্টো বন্ধ কৰা হয় বুলি জানিবলৈ পৰা গৈছে ৷

আনহাতে, জব্দকৃত টেংকাৰখন আৰু চালকজনক মাকুম আৰক্ষী থানালৈ লৈ যোৱাৰ পিচতে আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাম সন্দৰ্ভত তদন্ত আৰু পৰৱৰ্তী সময়ত বৃহস্পতিবাৰৰ নিশা তেলচোৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলায় পুৱতি নিশা আটক কৰিবলৈ সক্ষম হয় তিনিজন তেলচোৰৰ স’তে জড়িত লোক ৷ ধৃত লোককেইজন তিনিচুকীয়াৰ পদ্মেশ্বৰ চেতিয়া ওৰফে পুটলু, ৰূপজ্যোতি গগৈ ওৰফে বাবা আৰু সোণাৰিৰ পংকজ দাস ওৰফে পাগলা ৷ বৰ্তমান আটকাধীন তিনিওকে তিনিচুকীয়া আৰক্ষীয়ে মাৰাথন জেৰা চলাই থকা বুলি জানিবলৈ পৰা গৈছেে ৷

উল্লেখযোগ্য যে, 26 মে’ত লাংকাছি আৰক্ষীয়ে এখন চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰ জব্দ কৰাৰ পাছতে তেলচোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰু উক্ত অভিযানত চক্ৰটোৰ স’তে জড়িত সাংবাদিক, বিজেপি কৰ্মীসহ মুঠ ছয়জনকৈ লোকক আৰক্ষীয়ে জিম্মাত ল’বলৈ সক্ষম হয় ৷

উল্লেখ্য যে, পূৰ্বৰ তেলচোৰৰ চক্ৰটোত যিহেতু এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰো নাম সাঙোৰ খাইছিল, গতিকে অইল ইণ্ডিয়া লিমিটেডৰো কোনো শীৰ্ষ বিষয়া এই তেলচোৰ চক্ৰৰ স’তে মিতিৰালি আছে নেকি বুলিও এতিয়া চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : 9th International yoga day : ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.