ETV Bharat / state

23rd biennial session observed: তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

author img

By

Published : Mar 26, 2023, 11:04 PM IST

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সামৰণি (23rd bi-annual session concludes) ৷ আগন্তুক দুটা বৰ্ষৰ বাবে সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ড° ঋষি দাসক আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় ৰাণাজ্যোতি নেওগক । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল এই অধিবেশনখনি ।

23rd bi-annual session concludes
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

তিনিচুকীয়া,২৬ মাৰ্চ: সামৰণি পৰিল তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ (Tinsukia District Journalists Association) ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে দেওবাৰে শেষৰ দিনটোত বাহিৰ কৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ প্ৰতিকূল বতৰকো নেওচি তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ পৰা বাহিৰ কৰা উক্ত সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে ৷

বাৰেকুৰিৰ পৰা অহা ভকতবৃন্দৰ গায়ন-বায়নৰ দলক তামোল-পানেৰে সেৱা কৰি আদৰি অনাৰ পাছত গায়ন-বায়ন, দিহানাম, মৰাণ বিহু, তাই আহোম জনগোষ্ঠীয় সাংস্কৃতিক দল, চুতীয়া জনগোষ্ঠীয় দল, দ’ৰাকইনা, বেংগলী গাৰ্লছ স্কুলৰ সাংস্কৃতিক দলৰ লগতে কেইবাটাও সাংস্কৃতিক দল আৰু সাংবাদিক চ’ৰাৰ প্ৰতিনিধি বৰ্গই সাংস্কৃতিক শোভাযাত্ৰা সামৰণি মাৰে(23rd biennial session observed in Tinsukia) ৷

শোভাযাত্ৰা সামৰণি পৰাৰ পাছতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাৰ সভাপতিত্বত তিনিচুকীয়া উন্নয়ণ প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত (Cultural Project of Tinsukia Development Authority) এখন মুকলি সভা অনুষ্ঠিত কৰা হয় (23rd bi-annual session concludes) ৷ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা সভাখনত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থাকি স্মৃতিগ্ৰন্থ “দাপোন” উন্মোচন কৰে ৷

সমান্তৰালভাৱে জিলা সাংবাদিক সন্থাৰ আলোচনীখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ময়ুৰ বৰাই ৷ দেওবাৰে অনুষ্ঠিত মুকলি সভাখনত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মদন মোহন শৰ্মা, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই, অভ্যৰ্থনা সমিতিৰ সভাপতি তথা চেবাৰ প্ৰাক্তন অধ্যক্ষ ধনদেৱ মহন্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি কণ গগৈকে আদি কৰি কেইবাগৰাকীও বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তি ৷

উল্লেখযোগ্য যে, শুক্ৰবাৰৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আতিথ্যত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন আৰম্ভ হৈছিল ৷ লগতে সন্ধিয়াৰ ভাগত অনুষ্ঠিত হয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি সভা আৰু বিষয়বাচনী সভা ৷ উক্ত সভাখনতে আগন্তুক দুটা বৰ্ষৰ কাৰণে ড° ঋষি দাসক সভাপতি আৰু ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক হিচাপে লৈ এখন নতুন কমিটি গঠন কৰা হয় ৷

লগতে পঢ়ক: Rahul Gandhis disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.