Rahul Gandhis disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ সত্যাগ্ৰহ

By

Published : Mar 26, 2023, 7:11 PM IST

thumbnail

বৰপেটা, ২৬ মাৰ্চ: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ(Rahul Gandhis disqualification) । আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ অভিযোগ কংগ্ৰেছৰ । বিজেপিৰ স্বৈৰতান্ত্ৰিক শাসনৰ বিৰুদ্ধে দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানী আৰু দেশৰ প্ৰায় ৭০০ খন জিলা সদৰত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল ভাৰত কংগ্ৰেছ(Congress satyagraha against Rahul Gandhis disqualification) ৷  

নিখিল ভাৰত কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ আহ্বানমৰ্মে দেওবাৰে বৰপেটাত জিলা কংগ্ৰেছৰ নেতৃত্বত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত সত্যাগ্ৰহ আন্দোলনত চামিল হয় ৷ বৰপেটাত গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত সত্যাগ্ৰহ আন্দোলনত ৰূপায়ণ কৰে প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সমৰ্থকসকলে(Congress protest against Rahul Gandhis disqualification) ৷ ৰাহুল গান্ধীৰ কণ্ঠৰোধৰ বাবে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছকৰ্মীসকলেও ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে(Congress Satyagraha in Barpeta) ৷  

আদানিৰ বিৰোধিতাৰ বাবেই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী সত্যাগ্ৰহৰ নেতৃত্ব বহন কৰা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকে । আদানিৰ কোম্পানীত কোনে ২৩ হাজাৰ কোটি ক'লা ধন বিনিয়োগ কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ ৰাহুল গান্ধীৰ কণ্ঠ ৰোধৰ বাবে চলা ষড়যন্ত্ৰৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছে ৷ 

লগতে পঢ়ক: ECI team visits Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.