ETV Bharat / state

Youth body recovered: বেলশিৰি চাহ বাগিচাত পকী কুঁৱাত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 14, 2022, 9:45 PM IST

deadbody recover in dhekiajuli
ঢেকিয়াজুলিৰ বেলশিৰি চাহ বাগিচাত পকী কুঁৱাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ঢেকিয়াজুলিৰ বেলশিৰি চাহ বাগিচাত পকী কুঁৱাত উদ্ধাৰ যুৱকৰ মৃতদেহ (Dead body recovered at Dhekiajuli) । দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱকজন । পৰিত্য়ক্ত কুঁৱাত ৰহস্যজনকভাৱে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

ৰঙাপৰা,১৪ নৱেম্বৰ: ঢেকিয়াজুলিৰ বেলশিৰি চাহ বাগিচাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । চাহ বাগিচাখনৰ শ্ৰমিক লাইন মাজত থকা এটা ৰাজহুৱা পকী কুঁৱাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ পুৱাই হুৱাদুৱাৰ সৃষ্টি হয় শ্ৰমিকৰ মাজত(Dead body recovered at Dhekiajuli) ৷

জানিব পৰা মতে, বেলশিৰি চাহ বাগিচাৰ পথৰ কাষতে থকা পকী কুঁৱাটোত এটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ পিছত ঘটনা সন্দৰ্ভত বেলশিৰি আৰক্ষী চকীৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত SDRF ৰ সহযোগত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটো কাষৰীয়া পাকৰিগুৰী গাঁৱৰ দেৱেন নাগৰ ২৭ বছৰীয়া পুত্ৰ অজয় নাগ বুলি চিনাক্ত হয় (Youth body recovered from concrete well) ৷

ঢেকিয়াজুলিৰ বেলশিৰি চাহ বাগিচাত পকী কুঁৱাত যুৱকৰ মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়(Tezpur Medical College)লৈ প্ৰেৰণ কৰে ৷

যোৱা ১১ নবেম্বৰত অজয় নাগে বেলশিৰি চাহ বাগিচাখনত কোনো ব্যক্তিৰ ঘৰত জন্ম দিন খাবলৈ ঘৰৰ পৰা আহিছিল যদিও যোৱা দুদিন ধৰি নিখোজ হৈ আছিল ৷ সোমবাৰে যুৱকজনৰ মৃতদেহ পৰিত্যক্ত কুঁৱাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ৷ ইফালে স্থানীয় একাংশ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: NE States Insurgency Condition : দুটা দশকত উত্তৰ পূৰ্বাঞ্চলত উন্নত হৈছে নিৰাপত্তা পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.