ETV Bharat / state

Youth arrested for allegedly rape teenager: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱক আটক

author img

By

Published : Nov 5, 2022, 4:01 PM IST

ফুৰাবলৈ নিয়াৰ চলেৰে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ জঘন্য অভিযোগ উত্থাপিত হৈছে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি কিশোৰী ধৰ্ষণ কৰাৰ অপৰাধত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে (Youth arrested for allegedly rape teenager)৷

Youth arrested for allegedly rape minor girl in Tezpur
Youth arrested for allegedly rape teenager: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱক আটক

তেজপুৰ, 5 নৱেম্বৰ: তেজপুৰত জঘন্য ঘটনা সংঘটিত হৈছে (Minor girl rape case in Tezpur)৷ ফুৰাবলৈ নিয়াৰ চলেৰে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি কিশোৰী ধৰ্ষণ কৰাৰ অপৰাধত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে (Youth arrested for allegedly rape teenager)৷

কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱক আটক

ঘটনা অনুসৰি এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক বিদ্যালয়ৰ পৰা অতি কৌশলেৰে একে গাঁৱৰে এজন যুৱকে ফুৰিবলৈ যাবলৈ লগ ধৰিছিল ৷ কিশোৰীগৰাকীয়ে যুৱকজনৰ কথাত পতিয়ন গৈ ফুৰিবলৈ যাবলৈ মান্তিও হয় ৷ ইয়াৰ পিছতে কিশোৰীগৰাকী সময়মতে বিদ্যালয়ৰ পৰা উভতি নহাত ঘৰৰ লোক আচৰিত হয় ৷

সন্ধিয়ালৈ কিশোৰীগৰাকীক বিদ্যালয়ৰ পৰা আহি নোপোৱাত ঘৰখনত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে তেওঁলোকে কন্যাৰ বন্ধু-বান্ধৱী তথা ওচৰ চুবুৰীয়া সকলোকে সোধপোছ কৰে যদিও কন্যাৰ কোনো শুংসূত্ৰ নাপায় ৷

পৰিয়ালটোৰ সোধপোছত এজন প্ৰত্যক্ষদৰ্শীয়ে ছাত্ৰীগৰাকীক যুৱকজনৰ লগত শেষবাৰৰ বাবে দেখিছিল বুলি জানিবলৈ দিয়ে ৷ সেইমৰ্মে ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে ৷ ছাত্ৰীগৰাকীৰ ঘৰৰ লোকে তেজপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷

তাৰ পিছতেই আৰক্ষীৰ এটা দলে কিশোৰীগৰাকীক বিচাৰি চলাথ কৰে ৷ বহু বিচাৰ খোচাৰৰ অন্তত কিশোৰীগৰাকীক নিশালৈ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে কিশোৰীগৰাকীক ঘৰৰ লোকক চমজাই দিয়ে ৷ এই ঘটনাৰ পাছত তেজপুৰ সদৰ থানাত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

আৰক্ষীয়ে একে নিশাই তল-গেৰেকীৰ পৰা কিশোৰীগৰাকীক লৈ যোৱা সঞ্জীৱ সিং নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ( Tezpur police arrested allegedly rape accused )৷ এই ঘটনাত জড়িত অভিযুক্তক আটক কৰাৰ পিছতেই তেজপুৰ আৰক্ষী থানাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে পকচো আইন (POCSO act) আৰু ভাৰতীয় দণ্ডবিধি (Indian panel code) 376 ধাৰাৰ অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক: Child Kidnaping at Batadraba: দুই অপহৃত শিশুক উদ্ধাৰৰ লগতে অপহৰণকাৰীক আটক বটদ্ৰৱা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.