ETV Bharat / state

এছ এছ বিৰ তদানীন্তন ডেপুটি কমাণ্ডেণ্ট শ্বহীদ বিজয় সিঙৰ মৃত্যু তিথি পালন

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:28 PM IST

এছ এছ বিৰ তদানীন্তন ডেপুটি কমাণ্ডেণ্ট শ্বহীদ বিজয় সিঙৰ 27 সংখ্যক মৃত্যু তিথি পালন ৷ শ্বহীদ সিঙৰ পুণ্য তিথি উপলক্ষে মঙলবাৰে তেজপুৰ সমীপৰ শালনীবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

vijay singh Memorial Day observed
এছ এছ বিৰ তদানীন্তন ডেপুটি কমাণ্ডেণ্ট শ্বহীদ বিজয় সিঙৰ মৃত্যু তিথি পালন

তেজপুৰ, ৬ ডিচেম্বৰ : সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ তদানীন্তন ডেপুটি কমাণ্ডেণ্ট শ্বহীদ বিজয় সিঙৰ 27 সংখ্যক মৃত্যু তিথি পালন ৷ শ্বহীদ সিঙৰ পৱিত্ৰ সোঁৱৰণত মঙলবাৰে তেজপুৰৰ সমীপৰ শালনীবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই কথা জানিবলৈ দিছে এছ এছ বিৰ শালনীবাৰীস্থিত কাৰ্যালয়ৰ তৰফৰ পৰা ৷

vijay singh Memorial Day observed
এছ এছ বিৰ তদানীন্তন ডেপুটি কমাণ্ডেণ্ট শ্বহীদ বিজয় সিঙৰ মৃত্যু তিথি পালন

তেওঁলোকে জনোৱা মতে, শ্বহীদ সেনা বিষয়াগৰাকীৰৰ এক প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে প্ৰশিক্ষণ কেন্দ্ৰটোৰ চৌহদত ৷ সেয়ে মঙলবাৰে তেওঁৰ পুণ্য তিথি উপলক্ষে আয়োজন কৰা অনুষ্ঠানতে শ্বহীদ সিঙৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ শ্বহীদ সিঙৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰ কে ভুমলা আৰু মহাপৰিদৰ্শক বিনোদ নায়কে ৷ ইয়াৰ পিচতে প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলিৰে শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷

উল্লেখ্য যে, 1996 চনৰ 5 ডিচেম্বৰত প্ৰশিক্ষণ কেন্দ্ৰটোৰ সমীপৰ গৰৈমাৰীস্থিত ভাৰতীয় বায়ুসেনা ষ্টেচন ৰোডৰ সমীপত দুৰ্বৃত্তৰ আক্ৰমণত শ্বহীদ হৈছিল তদানীন্তন ডেপুটি কমাণ্ডেন্টগৰাকী । কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু দেশৰ হকে নিজৰ জীৱন উৎসৰ্গা কৰাৰ বাবে 1997 চনত তেওঁক মৰণোত্তৰভাৱে ব্যতিক্ৰমী নিৰাপত্তা সেৱাৰ প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হয় । আনহাতে, ডেপুটি কমাণ্ডেন্ট সিঙে 24 বছৰ ধৰি এছ এছ বিত কাৰ্যনিৰ্বাহ কৰি আছিল ৷

মঙলবাৰে প্ৰয়াত ডেপুটি কমাণ্ডেন্ট গৰাকীৰ 27 সংখ্যক শ্বহীদ দিৱস উপলক্ষে আয়োজিত বিশেষ সোঁৱৰণী কাৰ্যসূচীত উপস্থিত আছিল তেজপুৰস্থিত এছ এছ বিৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ উপ-মহাপৰিদৰ্শক, শালনীবাৰী প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ কেন্দ্ৰ আৰু যুটীয়া চিকিৎসালয়ৰ উপ-মহাপৰিদৰ্শক, এছ এছ বিৰ বিভিন্ন শাখাৰ একাংশ বিষয়া-জোৱান ৷

লগতে পঢ়ক : ম্যানমাৰৰ জুণ্টা আৰ্মীৰ ভাইৰেল ভিডিঅ'ক লৈ সষ্টম মণিপুৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.