ETV Bharat / state

Lavita drama controversy: আৱাহন থিয়েটাৰৰ কৰ্তৃপক্ষক 10 দিনৰ সময়সীমা

author img

By

Published : Oct 12, 2022, 8:56 PM IST

আৱাহন থিয়েটাৰৰ কৰ্তৃপক্ষক 10 দিনৰ সময়সীমা বান্ধি দিলে বীৰ লাচিত সেনাই ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক বিকৃত কৰি একেই নামেৰে মঞ্চস্থ কৰা ‘লভিতা’ নাটকখনৰ বিসংগতি দূৰ নকৰিলে বীৰ লাচিত সেনাই(Veer Lachit Sena Sonitpur) নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়ে ৷

Lobhita drama controversy
আৱাহন থিয়েটাৰৰ কৰ্তৃপক্ষক 10 দিনৰ সময়সীমা

তেজপুৰ, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অসমৰ সৃষ্টিক বিকৃত কৰি নাম কিনিবলৈ ধৃষ্টতা কৰা বিতৰ্কিত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষ ৷ ‘লভিতা’ নাটকৰ আংশিক সাল-সলনি কৰি নাটক চুৰিৰ ধাৰা অব্যাহত ৰখা নাট্যকাৰূপী অভিজিৎ ভট্টাচাৰ্যই মঙলবাৰে সংবাদ মেল সম্বোধন কৰি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰাৰ পাছতো আশ্বস্ত নহ’ল অসমীয়া ৷

বিভিন্ন জনে নাটকখনৰ প্ৰদৰ্শনী বন্ধ কৰাৰ লগতে নাট্যকাৰজনে(Playwrights Abhijit Bhattacharya) অসমবাসীৰ ওচৰত ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰিছে ৷ সমান্তৰালকৈ জগৰীয়া কৰিছে নাটকখন মঞ্চস্থ কৰা আৱাহন থিয়েটাৰ কৰ্তৃপক্ষকো ৷ ৰূপকোঁৱৰৰ সৃষ্টিক বিকৃত কৰি অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰজনে নিজকে নাটকখনৰ নাট্যকাৰ হিচাবে চিনাকি দিয়া নাটকখন আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা কাৰ্যতো আশ্বৰ্য প্ৰকাশ কৰিছে ভিন্নজনে ৷

বিতৰ্কৰ শীৰ্ষত থকা নাটকখনৰ সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰিলে বীৰ লাচিত সেনাই (Veer Lachit Sena Sonitpur)৷ বীৰ লাচিত সেনাৰ শোণিতপুৰ জিলা শাখাই তেজপুৰত অনুষ্ঠিত কৰা সংবাদমেলখনৰ জৰিয়তে অতিশীঘ্ৰে নাটকখনৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবী জনায় ৷ প্ৰদৰ্শনী বন্ধ কৰাৰ বাবে 10 দিনৰ সমসীমা বান্ধি দিলে আৱাহন থিয়েটাৰৰ কৰ্তৃপক্ষক ৷ বীৰ লাচিত সেনাই অভিযোগ উত্থাপন কৰে যে অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰজনৰ লগতে আৱাহন থিয়েটাৰে এই ভুল ইচ্ছাকৃতভাৱে কৰিছে (Lobhita drama controversy)৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক অস্ত্ৰোপচাৰ কৰি লভিতাৰ মূল দৰ্শনকেই বিকৃত কৰি প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰৰ উক্ত ভুলক গৰিহণা দিয়ে বীৰ লাচিত সেনাই ৷

বীৰ লাচিত সেনাৰ সংবাদমেল

তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত সংবাদ মেলখনৰ জৰিয়তে বীৰ লাচিত সেনা অসমৰ সংস্কৃতিক সম্পাদক নৱদ্বীপ বৰাই কয় যে আগন্তুক ১০ দিনৰ ভিতৰত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই(Playwrights Abhijit Bhattacharya) নাটকখন শুধৰণি কৰি মঞ্চস্থ নকৰিলে অসুবিধাৰ সন্মুখীন হ’ব । ইয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে৷ তদুপৰি অহা মাৰ্চত তেজপুৰলৈ নিমন্ত্ৰণ জনোৱা আৱাহন থিয়েটাৰ বন্ধ কৰাৰো হুংকাৰ দিয়ে বীৰ লাচিত সেনাই, যদিহে বিসংগতিসমূহ থিয়েটাৰ কৰ্তৃপক্ষই আঁতৰ নকৰে ।

বীৰ লাচিত সেনাৰ নেতৃত্বই লগতে কয় যে 'লভিতা' কেৱল এখন নাটক নহয়; ই অসমীয়া নাৰীসত্তাৰ প্ৰতিনিধি । এই নাটকৰ মাজত নিহিত হৈ আছে অসমীয়া বীৰাংগনা নাৰীৰ দেশপ্ৰেম, সাহস আৰু ত্যাগৰ ঐতিহ্য ৷ 'লভিতা'ক বিকৃত কৰা মানে অসমীয়া নাৰীসত্তাক অপমান কৰা বুলি অভিহিত কৰে বীৰ লাচিত সেনাৰ নেতৃত্বই ।

ৰূপকোঁৱৰৰ ‘লভিতা’ত থকা ‘বন্দে মাতৰম’ ধ্বনিক ‘ভাৰত মাতা কী জয়’লৈ পৰিণত কৰা সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেত্বই কয় যে, ‘ভাৰত মাতা কী জয়’ ধ্বনি সন্নিৱিষ্ট কৰা হ’ল কেৱল নিৰ্দিষ্ট এটা ৰাজনৈতিক দলক তৈলমৰ্দনৰ বাবে ৷ লগতে কয় যে আৱাহন থয়েটাৰত মঞ্চস্থ কৰা ‘লভিতা' খন যদি জ্যোতিপ্ৰসাদ আগৰৱালাৰ(Jyoti Prasad Agarwala) ‘লভিতা' নহয়, তেন্তে নামটো কিয় একেই ৰখা হ’ল বুলিও প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: ‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰী: সাংস্কৃতিক সাংবাদিক সন্থা, অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.