ETV Bharat / state

মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Feb 9, 2021, 11:01 PM IST

today himnta biswa sarma at lokhimpur
মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙানদী খাৰকাটিৰ ফটাসুঁতিত মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ভূমি পূজন কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ সমষ্টিৰ পানীগাঁৱত এক বিশাল চাইকেল ৰেলীত ভাগ লয় ৷

নাওবৈচা, 9 ফেব্ৰুৱাৰী : লখিমপুৰ জিলাৰ ৰঙানদী খাৰকাটিৰ ফটাসুঁতিত মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ সমষ্টিৰ পানীগাঁৱত এক বিশাল চাইকেল ৰেলীত ভাগ লয় ৷

মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পানীগাঁৱৰ পৰা আজাদ হৈ বৰমূৰীয়া তিনিআলিলৈকে প্ৰায় 20 কিলমিটাৰ পথ চাইকেল চলাই ৰেলী কৰে মন্ত্ৰী জনে । উক্ত ৰেলীত হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ জিলা সভাপতি ফনীধৰ বৰুৱা, বিজেপি কৰ্মী মানৱ ডেকাকে ধৰি বহু সংখ্যক বিজেপিৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

ইফালে সাংবাদিকক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ তেওঁ কয়, 'কংগ্ৰেছে পুৱাই বদৰুদ্দিন আজমলৰ কথা চিন্তা কৰে ৷' গতিকে আজিকালি কংগ্ৰেছৰ পৰা 15 কিলমিটাৰ দূৰত অৱস্থান গ্ৰহণ কৰোঁ বুলি সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.