ETV Bharat / state

ক’ভিডৰ সৈতে যুঁজিবলৈ মাৰ বান্ধি থিয় হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ

author img

By

Published : Jan 7, 2022, 10:23 PM IST

Shonitpur health department ready to deal with the covid situation
ক’ভিডৰ সৈতে যুঁজিবলৈ মাৰ বান্ধি থিয় হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ

ক’ভিড পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ সাজু হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ (Himanta Biswa Sarma announces new SOP) । শোণিতপুৰ জিলাত বিগত 7 দিনত ক’ভিড-১৯ ত আক্ৰান্ত হৈছে 72 জন লোক ।

তেজপুৰ, 7 জানুৱাৰী : শুকুৰবাৰে বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে নতুনকৈ ক’ভিড-19ৰ নীতি-নিৰ্দেশনা (Himanta Biswa Sarma announces new SOP) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ সাজু হৈ পৰিছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ । শোণিতপুৰ জিলাত বিগত 7 দিনত 72 জন লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত ।

শোণিতপুৰৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াউদ্দীন আহমেদে (Sonitpur District Joint Director Dr Ziauddin Ahmed) সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই কথা ৷ লগতে তেওঁ কয় যে, শোণিতপুৰ জিলাত ডিচেম্বৰ মাহৰ শেষলৈকে ক’ভিড আক্ৰান্তৰ হাৰ আছিল 0.5 শতাংশ ৷ ইয়াৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোলৈকে ক’ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি হৈ হৈছেগৈ 3 শতাংশ ৷

বৃহস্পতিবাৰৰ দিনটোত শোণিতপুৰত ক’ভিড-19 ত আক্ৰান্ত হৈছে 29 জন ৷

ক’ভিডৰ সৈতে যুঁজিবলৈ মাৰ বান্ধি থিয় হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ

ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শোণিতপুৰ স্বাস্থ্য বিভাগে পূৰ্বৰ ক’ভিড কেয়াৰ চেন্টাৰ কেইটাৰ লগতে চৰকাৰী 5 খন চিকিৎসালয়ো সাজু কৰি তুলিছে ৷ ইয়াৰ ভিতৰত ক’ভিড কেয়াৰ চেন্টাৰত 700 খন বিচনা সাজু কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত 265 খন বিচনা সাজু কৰি তোলা হৈছে ক’ভিড ৰোগীৰ বাবে ৷

লগতে 66 আই চি ইউ বিচনাও সাজু কৰি তুলিছে জিলা স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত শিশুৰ বাবে ৩০ খন আই চি ইউ সাজু কৰি ৰখা হৈছে । আনহাতে, শোণিতপুৰ জিলাত ৪ টা অক্সিজেন প্লান্টো সাজু কৰি ৰখা হৈছে ।

তেজপুৰ পৰুৱাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত এটা এই চি ইউ অতি শীঘ্ৰে স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে সঞ্চালক গৰাকীয়ে । লগতে শোণিতপুৰ জিলাত ক’ভিড সম্পৰ্কে সজাগতা অনাৰ বাবে জিলা স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথাও সদৰি কৰে শোণিতপুৰৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াউদ্দীন আহমেদে ৷

উল্লেখ্য যে, শুকুৰবাৰে দিনটোত জিলা খনত ৩৬ জন নতুনকৈ আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ ইয়াৰ বিপৰীতে শুকুৰবাৰৰ দিনটোত ১৬ জন আৰোগ্য হৈ ঘৰলৈ ঘূৰি গৈছে ৷

লগতে পঢ়ক : New SOP in Assam: কি কি আছে নতুন SOP ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.