ETV Bharat / state

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত জব্দ 40 টা কাঠৰ কুণ্ডা

author img

By

Published : Dec 29, 2021, 11:58 AM IST

মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনধ্বংস কাৰ্য
মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনধ্বংস কাৰ্য

অস্তিত্বৰ সংকটত ভুগিছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ৷ চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ (Deforestation of Sonai Rupai wildlife Sanctuary) ৷

ৰঙাপৰা, 29 ডিচেম্বৰ : ৰাজ্যৰ বনমন্ত্ৰীয়ে চোৰাং চিকাৰী আৰু বন ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আশ্বাস প্ৰদান কৰি আহিছে ৷ তাৰপিছতো কিন্তু ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বন ধ্বংসযজ্ঞ ৷ ৰাজ্যৰ একাংশ স্থানত এতিয়াও বুকু ফিন্দাই বন ধ্বংসযজ্ঞ চলাই গৈছে দুস্কৃতিকাৰীয়ে ৷ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যতো অব্যাহত আছে বন ধ্বংস কাৰ্য (Forest destroyed at Sonai Rupai Wildlife Sanctuary) ৷

জৈৱ বৈচিত্ৰৰ ভঁৰাল স্বৰূপ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনে সম্প্ৰতি ভূগিছে অস্তিত্বৰ সংকটত ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশে ২২০ বৰ্গকিল’মিটাৰ ভূমিৰে আগুৰি থকা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ (Sonai Rupai Wildlife Sanctuary in Sonitpur) দুৰ্গম এলেকাত কাঠকটীয়াই চোৰাংকৈ নিশাৰ ভাগত প্ৰৱেশ কৰি এডালৰ পাছত আন এডালকৈ মূল্যবান গছ নিৰ্বিঘ্নে কাটি অব্যাহত ৰাখিছে বন ধ্বংস কাৰ্য ।

মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনধ্বংস কাৰ্য

সোমবাৰে দিনৰ ভাগত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ দুৰ্গম অঞ্চলত চোৰাং কাঠকটিয়াই গোপনে কাঠ কাটি (Tree felled by wood cutters and poachers) থকাৰ তথ্য লাভ কৰিছিল বনকৰ্মীসকলে ৷ যাৰ ভিত্তিত বনকৰ্মীসকলে চোৰাং কাঠকটীয়াৰ বিৰূদ্ধে অভিযান চলাই ৪০ টা কাঠৰ কুণ্ডা আৰু ২০ খন চাইকেল জব্দ কৰিবলৈ সক্ষম হয় (Timber seized at Sonitpur) ।

পৰিতাপৰ বিষয় যে ইতিমধ্যে প্ৰায় ১১০ বৰ্গ কিল’মিটাৰ অভয়াৰণ্যখনৰ বনভূমিৰ অধিকাংশ অঞ্চলে এতিয়া বেদখলকাৰীৰ কবলত (Land encroachment in Sonai Rupai) । অভিযোগ অনুসৰি চোৰাং কাঠ সৰবৰাহকাৰীৰ ঘাটিলৈ পৰিণত হৈছে অভয়াৰণ্যৰ ভিতৰচ'ৰা ৷ বনকৰ্মীসকলে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ পিছতো আৰ্থিক মুনাফা আদায়ৰ বাবে চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগৰ চকুত ধূলি মাৰি দীৰ্ঘদিনে বনাঞ্চলৰ গছসমূহ কাটি নিশাৰ ভাগতে বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি ৰাখিছে ৷

অভয়াৰণ্যখনৰ ভিতৰত থকা মূল্যবান গছ-গছনি কাটি এফালৰ পৰা তহিলং কৰি গৈছে এই চোৰাং ব্যৱসায়ীসকলে (Forest destroyed at Sonai Rupai Wildlife Sanctuary) ৷ বিভিন্ন বন্যপ্ৰাণী তথা চৰাই-চিৰিকটিৰ কোলাহলে ৰজনজনাই থকা মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত এতিয়া কেৱল যন্ত্ৰচালিত কৰতৰ শব্দহে শুনিবলৈ পোৱা যায় ৷ বৰ্তমান এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ দাবী জনাইছে স্থানীয় ৰাইজ তথা সচেতন মহলে ৷

লগতে পঢ়ক : বকোৰ শিংৰা সংৰক্ষিত বনাঞ্চলত বনধ্বংস যজ্ঞ অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.