ETV Bharat / state

বকোৰ শিংৰা সংৰক্ষিত বনাঞ্চলত বনধ্বংস যজ্ঞ অব্যাহত

author img

By

Published : Jun 13, 2021, 1:59 PM IST

বকোৰ শিংৰা সংৰক্ষিত বনাঞ্চলত বন বিভাগেৰে গোপন মিতিৰালি কৰি দুষ্টচক্ৰই বন ধ্বংসযজ্ঞ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ বনাঞ্চলখনৰ দুয়োকাষে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন কৰি বহুকেইটা পথ গঢ় লৈ উঠিছে । চোৰাং কাঠৰ ব্যৱসায়ীয়ে এই বনাঞ্চলৰ পৰা দৈনিক গছ কাটি লৈ যাবলৈ এই পথসমূহ মোকোলাই লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

deforestation-in-singra-reserve-forest
বকোত বন বিভাগেৰে মিতিৰালি কৰি দুষ্টচক্ৰই চলাইছে নেকি বন ধ্বংসযজ্ঞ ?

বকো, 13 জুন : ৰাজ্যৰ বনমন্ত্ৰীয়ে চোৰাং চিকাৰী আৰু বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে কঠোৰ হোৱাৰ আশ্বাস প্ৰদান কৰি আহিছে ৷ তেনেহেন সময়ত ৰাজ্যৰ একাংশ স্থানত বুকু ফিন্দাই একাংশই চলাই গৈছে বন ধ্বংসযজ্ঞ ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত শিংৰা সংৰক্ষিত বনাঞ্চলত অবাধ গতিত বন ধ্বংসযজ্ঞ চলাৰ অভিযোগ উত্থাপন হৈছে । চোৰাং কাঠৰ ব্যৱসায়ীয়ে এই বনাঞ্চলৰ পৰা দৈনিক গছ কাটি লৈ যাবলৈ প্ৰস্তুত কৰি উলিয়াইছে বহুকেইটা পথ । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বকোৰ পৰা শিংৰালৈ যোৱাৰ পথত এই ৭-৮ কিল’মিটাৰ আৱৰা বনাঞ্চলখনৰ দুয়োকাষে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন কৰি বহুকেইটা পথ গঢ় লৈ উঠিছে ।

বকোৰ শিংৰা সংৰক্ষিত বনাঞ্চলত বনধ্বংস যজ্ঞ অব্যাহত

এইক্ষেত্ৰত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে, বন বিভাগৰ সৈতে গোপন মিতিৰালি কৰি দুষ্ট চক্ৰই আৰ্থিক মুনাফা আদায়ৰ বাবে শিংৰা সংৰক্ষিত বনাঞ্চলৰ শালগছসমূহ কাটি নিশাৰ ভাগতে লৈ যায় আৰু এই পথ সমূহেই ইয়াৰ প্ৰমাণ হিচাপে পৰিচিত হৈছে । এতিয়া স্থানীয় সচেতন লোকে বনমন্ত্ৰী তথা বন বিভাগৰ উচ্চপদস্থ বিষয়াক এই ক্ষেত্ৰত তদন্ত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.