ETV Bharat / state

শোণিতপুৰৰ মিছামাৰীত চৰকাৰী সাহায্য বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 16, 2020, 1:20 PM IST

শ্বিলঙত থকা এটা পৰিয়ালে লাভ কৰিলে চৰকাৰী সাহায্য ৷ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি নেপালীবস্তি গাঁৱৰ ৰেচন কাৰ্ড নথকা হিতাধিকাৰীৰ তালিকাখনত উমা থাপাৰ পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত হোৱাটো ৰহস্যজনক ঘটনা ৷

Scam in government relif distribution at Misamari of Sonitpur
শোণিতপুৰৰ মিছামাৰীত চৰকাৰী সাহায্য বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰঙাপৰা, 16 মে': দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে খাদ্য সংকটৰ লগতে অত্যাৱশ্যকীয় বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে দেশৰ হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়াল ৷ উক্ত পৰিয়াল সমুহৰ সহায়ৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে সাহাৰ্য বিতৰণ কৰিছে যদিও যেন দৰিদ্ৰ লোকৰ বাবে অহা সাহাৰ্য বিতৰণতো সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাৰ মিছামাৰীৰ নেপালীবস্তি গাঁৱত সংঘটিত হোৱা নাভূত-নাশ্ৰুত কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ ৷ শ্বিলঙত থকা এটা পৰিয়ালে লাভ কৰিলে চৰকাৰী সাহায্য ৷

শোণিতপুৰৰ মিছামাৰীত চৰকাৰী সাহায্য বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে বৰ্তমান সংকটকালৰ সময়ত ৰেচন কাৰ্ড নথকা প্ৰকৃত হিতাধিকাৰীৰ পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ স্থানীয় সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ জৰিয়তে পৰিয়ালৰ প্ৰতিজন ব্যক্তিকে পাঁচ কেজিকৈ চাউল বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে ৷ কিন্তু মিছামাৰীৰ নেপালীবস্তি গাঁৱৰ ৰেচন কাৰ্ড নথকা এটা পৰিয়ালে চৰকাৰী সাহায্য তথা বিনামূলীয়া চাউল লাভ কৰাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কাৰণ চৰকাৰী সাহায্য লাভ কৰা পৰিয়ালটোৱে মিছামাৰীৰ বিপৰীতে দীৰ্ঘদিনৰ পৰা পাহাৰীয়া ৰাজ্য শ্বিলঙত বসবাস কৰি আহিছে ৷ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি নেপালীবস্তি গাঁৱৰ ৰেচন কাৰ্ড নথকা হিতাধিকাৰীৰ তালিকাখনত উমা থাপাৰ পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত হোৱাটো ৰহস্যজনক ঘটনা ৷ ইফালে নেপালীবস্তি গাঁৱত থকা এজেণ্ট মুকুল শৰ্মাৰ সুলভ মূল্যৰ দোকানখনৰ পৰা ৰাইজৰ উপস্থিতিত উমা থাপাৰ নামত আবণ্টিত হোৱা 25 কেজি চাউল কুসুম ভুজালে স্বাক্ষৰ কৰি লৈ যোৱাৰ কথাও উল্লেখ কৰিছে এজেণ্ট মুকুল শৰ্মাই ৷ উল্লেখ্য যে,হিতাধিকাৰীৰ তালিকাখনত উমা থাপাৰ নামটো কেনেদৰে সন্নিবিষ্ট হল এই সন্দৰ্ভত নেপালীবস্তি গাঁৱৰ গাঁওবুঢ়া আহ্লাদ চাহু আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক মোহন চন্দ্ৰ নাথ অৱগত নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ওৰাঙৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.