ETV Bharat / state

Murder at Rangapara : নাহৰণীত লোৰ ৰেডৰে মৰিয়াই হত্যা এজনক

author img

By

Published : Dec 1, 2021, 7:34 PM IST

Rangapara Murder Case
নাহৰণীত লোৰ ৰেডৰে মৰিয়াই হত্যা এজনক

ৰঙাপৰাত নাহৰণীত নৃশংস হত্যাকাণ্ড(Rangapara Murder Case) ৷ লোহাৰ ৰেডৰে মৰিয়াই হত্যা এজন লোকক ৷

ৰঙাপৰা, 1 ডিচেম্বৰ : মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Rangapara Murder Case) । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰে তীব্ৰ চাঞ্চল্য । ঘটনাৰ বিৱৰণি অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৯ বজাত ৰঙাপৰা আৰক্ষী থানা (Rangapara Police Station) ৰ অন্তৰ্গত নাহৰণী চাহ বাগিচা (Nahoroni Tea State) ৰ ৩ নং শ্ৰমিক লাইনৰ নিৱাসী প্ৰয়াত যোগেশ্বৰ উৰিয়াৰ পুত্ৰ সঞ্জিত উৰিয়াই একেখন চাহ বাগিচাৰ নিৱাসী প্ৰয়াত পূৰ্ণ কৰ্মচাৰৰ পুত্ৰ বিপুল কৰ্মকাৰক অতি নিৰ্মম ভাৱে লোৰ ৰ'ডেৰে প্ৰহাৰ কৰে ।

ৰ'ডৰ প্ৰহাৰত বিপুল কৰ্মকাৰ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ উক্ত ঘটনাটোৰ খবৰ পোৱাৰ মাত্ৰকে ৰঙাপৰা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰূপম দাসে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

আনহাতে, ৰঙাপৰা আৰক্ষী থানাৰ উপ-পৰিদৰ্শকগৰাকীয়ে আহত যুৱকজনক উদ্ধাৰ কৰি ৰঙাপৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । ইফালে বিপুল কৰ্মকাৰৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical Hospital) লৈ প্ৰেৰণ কৰে । কিন্তু নিশা প্ৰায় ১০ মান বজাত মৃত্যুক সাৱটি লয় বিপুল কৰ্মকাৰে ।

নাহৰণীত লোৰ ৰেডৰে মৰিয়াই হত্যা এজনক

অভিযোগ অনুসৰি, বিগত ২ অক্টোবৰত নিশাৰ মৃত বিপুল কৰ্মকাৰে অসৎ উদ্দেশ্যৰে সঞ্জিত উৰিয়াৰ বাসগৃহত বিবস্ত্ৰ হৈ প্ৰৱেশ কৰিছিল । সেই সময়ত সঞ্জিত উৰিয়া বহিঃৰাজ্য বাংগালুৰুত কৰ্মৰত অৱস্থাত আছিল । পৰৱৰ্তী সময়ত এই কথা অৱগত হোৱাৰ পাছত ইয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে সঞ্জিতে বাংগালুৰুৰ পৰা আহি ৰঙাপৰাৰ নাহৰণী চাহ বাগিচাস্থিত নিজা বাসগৃহত উপস্থিত হয় ।

ইপিনে সঞ্জিত অহাৰ কথা জানিব পাৰি বিপুলে আত্মগোপন কৰি আছিল যদিও মঙলবাৰে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ'ল । সঞ্জিত উৰিয়াৰ প্ৰহাৰত মৃত্যু হয় বিপুল কৰ্মকাৰৰ ৷ উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code) অনুসৰি ৩০২ ধাৰাত আৰু ১৫৫/২১ নম্বৰৰ এটি গোচৰ ৰুজু কৰি বুধবাৰে ৰঙাপৰা আৰক্ষীয়ে অভিযুক্ত সঞ্জিত উৰিয়াক আটক কৰিছে ।

লগতে পঢ়ক : Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.