ETV Bharat / state

Dalai Lama viral video controversy: টাৱাঙত দালাই লামাৰ সমৰ্থনত সমদল বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ

author img

By

Published : Apr 22, 2023, 4:43 PM IST

Buddhists protest in Tawang
বৌদ্ধ ধৰ্মাৱলম্বীৰ প্ৰতিবাদী কাৰ্যসূচী

বৌদ্ধ ধৰ্মগুৰু দালাই লামাই এটি শিশুৰ ওঁঠত চুমা খাই "জিভা চুপিবলৈ" কোৱা এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই তেওঁৰ সমৰ্থকসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে (Dalai Lama controversy)। ইয়াৰে অংশ ৰূপে আজি টাৱাং জিলাৰ সদৰত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বৌদ্ধ ধৰ্মাৱলম্বীৰ প্ৰতিবাদী কাৰ্যসূচী

তেজপুৰ, ২২ এপ্ৰিল: পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সদৰত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Buddhists protest in Tawang)। শনিবাৰে পুৱাৰে পৰা টাৱাঙত দালাই লামাৰ সমৰ্থনত হাজাৰ হাজাৰ প্ৰতিবাদী লোক সমবেত হৈ একাংশ নিউজ চেনেলত বৌদ্ধ ধৰ্মগুৰুৰ বিৰুদ্ধে ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগত প্ৰতিবাদী সমদল উলিয়াই (Protest at Tawang in favour of Dalai Lama)।

অলপতে বৌদ্ধ ধৰ্মৰ গুৰুগৰাকীয়ে এজন ল'ৰাক চুমা খাই জিভাত লাগি জিভা চুহিবলৈ কোৱা এটা ভাইৰেল ভিডিঅ' প্ৰচাৰ কৰাৰ প্ৰতিবাদত বিভিন্ন সংগঠনৰ লগতে টাৱাং জিলা ছাত্ৰ সন্থা টিডিএছইউই এই প্ৰতিবাদী সমদল কৰে । সদৌ টাৱাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই শান্তি সমদলত সকলো শ্ৰেণীৰ লোকে যোগদান কৰি এনে বাতৰিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে (Dalai Lama controversy)।

প্ৰতিবাদকাৰীসকলে শেহতীয়াকৈ দলাই লামাৰ বিৰুদ্ধে ভাইৰেল ভিডিঅ' প্ৰচাৰ কৰাসকলক গৰিহণা দিয়ে । দালাই লামাক তেওঁলোকৰ গুৰু বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে, ৬ নং দালাই লামাৰ জন্ম টাৱাঙত হৈছিল । ভিডিঅ'টো প্ৰচাৰ কৰা নিউজ চেনেলসমূহক গৰিহণা দি প্ৰতিবাদকাৰী সকলে দাবী কৰে যে, এই ভিডিঅ’ৰ বাবে দালাই লামাৰ বদনাম হৈছে । এনে বাতৰিয়ে দালাই লামাৰ লাখ লাখ বৌদ্ধ অনুগামীৰ আৱেগক আঘাত কৰিছে । আজি পুৱা টাৱাং মঠৰ চামলেঙৰ পৰা General parade Groundলৈ এই প্ৰতিবাদী সমদল উলিওৱা হয় ৷

উল্লেখ্য় যে, বৌদ্ধ ধৰ্মগুৰু দালাই লামাই এটি শিশুৰ ওঁঠত চুমা খাই "জিভা চুপিবলৈ" কোৱা এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ উক্ত ঘটনাটোৰ এদিন পিচতে ধৰ্মগুৰুগৰাকীয়ে ক্ষমা বিচাৰে (viral video of Dalai Lama on social media)। ইয়াৰ পিচত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ধৰ্মগুৰুগৰাকীৰ শিষ্য়সকলে কয় যে, দালাই লামাই প্ৰায়ে তেওঁ লগ পোৱা লোকসকলক নিষ্পাপ আৰু শিশুসুলভভাৱে ব্য়ৱহাৰ কৰে । তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে ।

লগতে পঢ়ক:ULFA I Cadre missing: আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিচতে নিৰুদ্দিষ্ট হৈ পৰিছে তিনিচুকীয়াৰ পলাশ; চাঞ্চল্য অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.