ETV Bharat / state

ULFA I Cadre missing: আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিচতে নিৰুদ্দিষ্ট হৈ পৰিছে তিনিচুকীয়াৰ পলাশ; চাঞ্চল্য অব্যাহত

author img

By

Published : Apr 22, 2023, 8:28 AM IST

Updated : Apr 22, 2023, 1:22 PM IST

ULFA I Cadre missing
ULFA I Cadre missing

এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনাক লৈ চাঞ্চল্য তিনিচুকীয়াত ৷ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা পলাশ মৰাণ নামৰ এগৰাকী সদস্য সন্ধানহীন ৷ যুৱকজনৰ সন্ধান বিচাৰি উদ্বিগ্ন পৰিয়াল (Mysterious missing of ULFA cadre) ৷

আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিচতে নিৰুদ্দিষ্ট হৈ পৰিছে তিনিচুকীয়াৰ পলাশ

তিনিচুকীয়া, 22 এপ্ৰিল : আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা এগৰাকী সদস্য সন্ধানহীন হোৱাৰ খবৰে তিনিচুকীয়া জিলাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ সন্ধানহীন হোৱা আলফা (স্বাঃ)ৰ সদস্যজন তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱৰ পলাশ মৰাণ বুলি জানিব পৰা গৈছে ৷ 2021 চনত আলফা স্বাধীনত যোগদান কৰিছিল পলাশ মৰাণে ৷

লাভ কৰা তথ্য অনুসৰি, শেহতীয়াকৈ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰিছিল 4 কেডাৰে ৷ পলায়ন কৰা 4 কেডাৰ ক্ৰমে মিন্টু মৰাণ ওৰফে মদন অসম, পলাশ মৰাণ, মহন্ত বৰুৱা ওৰফে অৰিন্দম অসম আৰু হিমাংশু ভূঞা ওৰফে ৰঞ্জু অসম ৷ ইয়াৰ তিনিজন কেডাৰে ইতিমধ্যেই আত্মসমৰ্পণ কৰা বুলি জানিবলৈ পৰা গৈছে ৷ কিন্তু এই দলটোৰেই পলাশ মৰাণৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই (ULFA I Cadre Surrenders in Tinsukia) ৷

ক’ত সন্ধানহীন হ’ল পলাশ মৰাণ তাকে লৈ এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে প্ৰশ্নৰ ৷ পলাশ মৰাণৰ সন্ধানহীন হোৱাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে পৰিয়ালৰ লোকক ৷ পলাশ মৰাণৰ ৰহস্যজনক সন্ধানহীনতাৰ খবৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ (ULFA cadre escaped) ৷

তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰা মন্টু মৰাণে পলাশ মৰাণৰ ভাতৃক জনোৱা অনুসৰি, একেলগে চাৰিজন কেডাৰ আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা পলায়ন কৰি অহাৰ পাচতেই আদবাটৰ পৰাই সন্ধানহীন হৈ পৰে পলাশ মৰাণ ৷ কিন্তু, কেনেকৈ সন্ধানহীন হ’ল পলাশ মৰাণ, সেয়া এক ৰহস্যজনক বিষয় ৷ উল্লেখযোগ্য যে, পলাশ মৰাণ অহালৈ অধীৰ আগ্ৰেহেৰে বাট চাই আছে তেওঁৰ পত্নীৰ লগতে কণমানি সন্তানটিয়ে ৷আনহাতে, আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা চাৰিজন কেডাৰ পলায়ন কৰাৰ কথা নিশ্চিত কৰিছে সশস্ত্ৰ সংগঠনটোৰ এটা সূত্ৰই ( Missing after fleeing the Ulfa camp) ৷

উল্লেখ্য যে, আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা এই চাৰি কেডাৰে শেহতীয়াকৈ পলায়ন কৰাৰ বিপৰীতে তিনিচুকীয়া জিলাৰ কেইবাগৰাকীও যুৱকে যোগদান কৰিছে সংগঠনটোত ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা সন্ধানহীন হোৱা বহু কেইগৰাকী যুৱকে আলফা(স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ মুঠৰ ওপৰত, নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ যোগদান প্ৰক্ৰিয়া তৰান্বিত কৰিছে আলফা স্বাধীনে ৷ কিন্তু বৰ্তমান ক’ত, কেনেদৰে আছে পলাশ মৰাণ সেই কথাই চিন্তিত কৰি তুলিছে তেওঁৰ আত্মীয়-স্বজনক (ULFA I Cadre missing) ৷

লগতে পঢ়ক : Satya Pal Malik Summoned: চিবিআয়ে চমন জাৰি কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক

Last Updated :Apr 22, 2023, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.