ETV Bharat / state

বাথৌ মহাসভাৰ সন্মিলনৰ প্ৰস্তুতি তুংগত

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:31 AM IST

Bathow Mahasabha
বাথৌ মহাসভাৰ সন্মিলনৰ প্ৰস্তুতি তুংগত

Bathow Mahasabha: বাথৌ ধৰ্মালম্বী লোকে একত্ৰিত হৈ বিশ্ব শান্তিৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে বাথৌ মহাসভাৰ ত্ৰয়োদশ বাৰ্ষিক তৃতীয় সন্মিলন ।

তেজপুৰ, ৩ জানুৱাৰী : শোণিতপুৰ জিলাৰ ঠেলামৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বাথৌ মহাসভাৰ ত্ৰয়োদশ বাৰ্ষিক তৃতীয় সন্মিলন । প্ৰায় 50 হাজাৰ বাথৌ ধৰ্মালম্বী লোকে একত্ৰিত হৈ বিশ্ব শান্তিৰ বাবে আয়োজন কৰিছে এই প্ৰাৰ্থনা সভা । এই অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷

বুধবাৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে এই সন্মিলনৰ প্ৰস্তুতিৰ বুজ লয় । বিশ্ব শান্তিৰ বাবে আয়োজন কৰা এই প্ৰাৰ্থনা সভাৰ মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই বিশ্ব শান্তিৰ প্ৰাৰ্থনা সভাৰ বাবে নেপাল, ভূটান আৰু থাইলেণ্ডৰ বাথৌ ধৰ্মালম্বী লোকে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । গৃহমন্ত্ৰীৰ ভ্ৰমণৰ তাৰিখ নিশ্চিত নোহোৱাৰ বাবে নিৰ্ধাৰিত তাৰিখ মুকলি কৰা হোৱা নাই বুলি সদৰী কৰিছে আয়োজক সমিতিয়ে । তিনিদিনীয়া এই অনুষ্ঠানত বিভিন্ন ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ।

বাথৌ ধৰ্মৰ চমু বিৱৰণী : বাথৌ ধৰ্ম এটি অতি পুৰণি ধৰ্ম ৷ বাথৌ এটা পূৰ্ণাংগ ধৰ্ম, ই পূজা নহয় ৷ কাৰণ ধৰ্ম বুলি ক’লে সামাজিক ৰীতি-নীতি হিচাবে জন্মৰ পৰা মৃত্যুলৈ নিজা সামাজিক আইন থাকে ৷ এই ধৰ্মৰ বিশেষ তাৎপৰ্য হ’ল, বাথৌ ধৰ্মলাম্বী লোকসকলৰ কোনো ধৰণৰ উচ্চ-নীচ নীতি নাই ৷ পূৰ্বতে শিক্ষাৰ অভাৱৰ লগতে মাজ ভাগত ধৰ্মৰ চৰ্চা আৰু সংস্কাৰৰ অভাৱত বিশেষভাৱে বড়ো তথা বাথৌ ধৰ্মলাম্বীসকলৰ কিছু অংশ ধৰ্মান্তৰণ হ’ল ৷

বাথৌ ধৰ্মত সকলো মানুহকে সমানে স্থান বা অধিকাৰ প্ৰদান কৰে, বাথৌ ধৰ্মত অন্যান্য সামাজিক ৰীতি-নীতিৰ দৰে অসামাজিক কাৰ্য কৰা ব্যক্তিক শাস্তি দিয়াৰ ব্যৱস্থা আছে ৷

লগতে পঢ়ক: এবছৰত ৬০ হাজাৰতকৈ অধিক অপৰাধজনিত ঘটনা অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.