ETV Bharat / state

Manipur violence 2023: ত্ৰস্তমান মণিপুৰত মৃত্যুৰ কিৰীলি

author img

By

Published : Jul 8, 2023, 8:47 PM IST

PM effigy burnt in Manipur
ত্ৰস্তমান মণিপুৰত মৃত্যুৰ কিৰীলি

মণিপুৰত আজিও অশান্ত পৰিৱেশ । হিংসাৰ দাবানলে দহা মণিপুৰত পুনৰ কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত কৃষক-আৰক্ষী । সিংজামেই ইম্ফল পশ্চিম জিলাৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত সহস্ৰাধিক পুৰুষ-মহিলাই শান্তি সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ ।

তেজপুৰ,৮ জুলাই: হিংসাৰ দাবানালত ত্ৰস্তমান মণিপুৰ, ব্যাহত সাধাৰণ জীৱন-যাপন । হিংসা জৰ্জৰিত মণিপুৰত আজিও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে । প্ৰতিবাদকাৰীয়ে মণিপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ইউ এইচ এম অমিত শ্বাহ আৰু মণিপুৰৰ বিধায়কৰ পোষ্টাৰ জ্বলাই প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে । কুকি উগ্ৰপন্থীয়ে নিৰীহ কৃষকৰ ওপৰত গুলীচালনা কৰাৰ ফলত এজন খেতিয়ক আৰু এজন মণিপুৰ আৰক্ষী নিহত হয় বুলি জানিবপৰা গৈছে ।

মণিপুৰ বিশ্ববিদ্যালয় গেটৰ পৰা আৰম্ভ কৰি সিংজামেই ইম্ফল পশ্চিম জিলাৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত সহস্ৰাধিক পুৰুষ-মহিলাই শান্তি সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ । ফৰৱাৰ্ড ক্লাব (চি এফ চি) থংজু আৰু আম্পালৰ সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰেলী আৰম্ভ কৰাৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে মণিপুৰ বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মণিপুৰৰ ৫০ জন বিধায়কৰ পোষ্টাৰত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে ।

ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফৰৱাৰ্ড ক্লাব থংজু (চি এফ চি) কমিটীৰ এজন থংজু সদস্যই কয় যে যদি চৰকাৰে ৰাইজৰ কথা নুশুনে তেন্তে দেওবাৰৰ পৰা প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব ।

লগতে তেওঁ আৰু কয় যে, সশস্ত্ৰ কুকি উগ্ৰপন্থীয়ে Suspension of Operation চুক্তিৰ গ্ৰাউণ্ড ৰুল একচন উলংঘা কৰা বুলি স্পষ্টভাৱে স্পষ্ট হৈ পৰাৰ সময়তো মণিপুৰ চৰকাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নিমাত হৈ আছে । চৰকাৰে কিয় মানুহৰ বাবে একো কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰি তেওঁ মণিপুৰৰ জনসাধাৰণৰ আগত চৰকাৰে নিজৰ দুৰ্বলতা ঘোষণা কৰা উচিত বুলি দাবী উত্থাপন কৰে ।

লগতে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিয় মণিপুৰলৈ শান্তি আনিব নোৱাৰে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিয় কুকি সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰি ইয়াৰ আঁৰত কিবা গোপন এজেণ্ডা থকা বুলি সন্দেহ প্ৰকাশ কৰে । এতিয়ালৈকে জনসাধাৰণে মণিপুৰ চৰকাৰক বিশ্বাস কৰি আহিছে যদিও কুকি সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰাৰ বাবে তেওঁলোকে খেতি পথাৰলৈ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ।

প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলেও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু পঞ্চাশজন বিধায়কে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবীত বাবে শ্ল'গান দি সাব্যস্ত কৰে প্ৰতিবাদ । সমাৱেশৰ সময়ত কোনো অবাঞ্চিত ঘটনাৰ প্ৰতিৰোধ কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰে সিংজামেই আৰক্ষী আৰু ইম্ফল পশ্চিম আৰক্ষীৰ দলে ৷

ইয়াৰ মাজতে মণিপুৰত পুনৰ গুলীচালনাত দুজন নিৰীহ কৃষক আহত হয় । কুকি উগ্ৰপন্থীয়ে নিৰন্তৰ গুলীচালনাত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ফুবালাৰ লংগোলতাওবি লৌকোলত এজন ৪৫ বছৰীয়া আহত হয়। পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই ঘটনা প্ৰায় ৩০ জন কৃষকে কৃষিৰ বাবে নিজৰ ধাননি পথাৰত কাম কৰি আছিল ।

আনহাতে বিষ্ণুপুৰৰ কোৱাকতাত কুকি উগ্ৰপন্থীয়ে লেথ’ড বোমাৰে আক্ৰমণ কৰাৰ ফলত আহত হয় আন এজন ১৮ বছৰীয়া যুৱক । শুকুৰবাৰে সন্ধিয়া কুকি উগ্ৰপন্থীৰ সৈতে হোৱা যুঁজত এজন মণিপুৰ আৰক্ষী কমাণ্ডোও নিহত হয় বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে, বিষ্ণুপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত জিলা আৰক্ষী বিষ্ণুপুৰ, বিএছএফ আৰু কুমাওন ৰেজিমেণ্টৰ এক সংযুক্ত দলে ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক: Pijush Hazarika: মাজুলীত চলি থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাম হস্তান্তৰ কৰা হ’ব জল সম্পদ বিভাগলৈ; পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.