ETV Bharat / state

চৰকাৰী সাহায্যৰ অপেক্ষাত এটা অসহায় পৰিয়াল

author img

By

Published : Jun 14, 2020, 12:32 PM IST

জন্মৰ 5 মাহ পিচতে কোনো ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই পোলোৱা ৰঙাপৰাৰ এজন বিশেষভাৱে সক্ষম কিশোৰে আজিলৈ নাপালে কোনো চৰকাৰী সাহায্য ৷

pathetic condition of a family in rangapara
pathetic condition of a family in rangapara

ৰঙাপৰা, 14 জুনঃ চৰকাৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ভিন্ন আঁচনি প্ৰদান কৰি আহিছে যদিও, এখনো চৰকাৰী আঁচনিয়ে এই পৰ্যন্ত ঢুকি পোৱা নাই ৰঙাপৰাৰ এজন বিশেষভাৱে সক্ষম কিশোৰক ৷ বিশাল দে' নামৰ বিশেষভাৱে সক্ষম কিশোৰগৰাকী জন্মৰ 5 মাহ পিচতে কোনো ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছে দুয়োটা চকুৰ দৃষ্টিশক্তি ৷ বিশালৰ আৰ্থিভাৱে দুৰ্বল পৰিয়ালটোৱে পাৰ্যমানে কিশোৰজনৰ চিকিৎসা কৰোৱাইছে যদিও সুস্থ কৰি তুলিব পৰা নাই ৷

চৰকাৰী সাহায্যৰ অপেক্ষাত এটা অসহায় পৰিয়ালচৰকাৰী সাহায্যৰ অপেক্ষাত এটা অসহায় পৰিয়াল

এতিয়া অসহায় পৰিয়ালটোৱে চৰকাৰৰ অলপ সহায় বিচাৰি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে ৷ 12 বছৰীয়া বিশেষভাৱে সক্ষম তেওঁলোকৰ পুত্ৰক লৈ তেওঁলোকে যাপন কৰিছে এক কষ্টকৰ জীৱন ৷ অসহায় পৰিয়ালটোৱে সম্প্ৰতি বিচাৰিছে চৰকাৰৰ এধানি সহায় ৷

লগতে পঢ়কঃ কেনে অৱস্থাত আছে বাঘজান আশ্ৰয় শিৱিৰৰ লোকসকল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.