ETV Bharat / state

মৰণত শৰণ দি বিদ্যালয়লৈ যাত্ৰা ৰঙাপৰাৰ বালিকা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ

author img

By

Published : May 14, 2022, 12:48 PM IST

গৰাখহনীয়াৰ কবলত পৰিছে ৰঙাপৰা (Erosion at Rangapara) ৷ ধাৰাষাৰ বৰষুণৰ ফলত বৰষুণৰ পানীয়ে ৰঙাপৰাৰ বালিকা বিদ্যালয়ৰ একমাত্ৰ পথচোৱাৰ এটি অংশ নিলে খহাই লৈ যায় ৷ যাৰফলত এতিয়া বিদ্যালয়লৈ অহা-যোৱা কৰাত চৰম অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বিশেষকৈ অঞ্চলটোৰ শিক্ষাৰ্থীসকল ৷

Erosion at Rangapara
গৰাখহনীয়া কবলত ৰঙাপৰাৰ বালিকা বিদ্যালয়ৰ একমাত্ৰ পথচোৱা

ৰঙাপৰা, 14 মে’ : ৰঙাপৰাৰ একমাত্ৰ বালিকা বিদ্যালয়খনলৈ নামি আহিছে সংকট । ৰঙাপৰাৰ একমাত্ৰ বালিকা বিদ্যালয়খনলৈ যোৱা একমাত্ৰ পথচোৱা সম্প্ৰতি গৰাখহনীয়াৰ কবলত পৰিছে (Erosion at Rangapara) । নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনলৈ যোৱা পথচোৱাৰ মাজৰ কিছু অংশৰ মাটি খহাই লৈ যায় বৰষুণৰ পানীয়ে ।

Erosion at Rangapara
গৰাখহনীয়াৰ কবলত পৰিছে ৰঙাপৰা

পথচোৱাৰ মাটি খহাই নিয়াত বিদ্যালয়খনৰ ছাত্ৰীসকলে বিপদ সংকুলভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে । বৰ্তমান খহনীয়াৰ ঠাইখিনিত শিক্ষকসকলে এখন তক্তা পাৰি অহা যোৱাৰ ব্যৱস্থা কৰি দিছে । যদি কিবা কাৰণত তক্তাৰ ওপৰেদি পাৰ হৈ যোৱাৰ সময়ত কোনো ছাত্ৰী ভৰি পিছল খাই পৰে, তেতিয়া হ’লে ছাত্ৰীগৰাকী পথচোৱাৰ নিচেই কাষেৰে বৈ যোৱা পাহিজুৰি নৈখনৰ বুকুত পৰিব ।

গৰাখহনীয়া কবলত ৰঙাপৰাৰ বালিকা বিদ্যালয়ৰ একমাত্ৰ পথচোৱা

আনহাতে, বিদ্যালয়খনৰ একাংশ ভূমি ইতিমধ্যে পাহিজুলি নৈখনৰ (Pahijuli river ay Rangapara) বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

ফলত বালিকা বিদ্যালয়খনলৈ যোৱা একমাত্ৰ পথটি ক্ৰমান্বয়ে নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে । সেয়ে বিদ্যালয়খনৰ পথচোৱা মেৰামতি কৰি দিয়াৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়কগৰাকীক আহ্বান জনাইছে বিদ্যালয়খন শিক্ষকসকলে ৷

পথচোৱা যদি খহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হৈ যায়, তেতিয়া হ’লে ৰঙাপৰাৰ একমাত্ৰ বালিকা বিদ্যালয়খন এদিন বন্ধ হৈ পৰিব সেয়া নিশ্চিত ।

লগতে পঢ়ক : পানী এৰিলে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.