ETV Bharat / state

আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

author img

By

Published : Jul 22, 2021, 9:10 AM IST

NLFB chief M Batha might surrender to police with his cadre on thursday
আত্মসমৰ্পণৰ সম্ভাৱনা এম বাথাৰ

বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (National Liberation Front of Boroland)ৰ মুৰব্বী এম বাথা(M Batha)ই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে ৷ সতীৰ্থ কেডাৰসহ ওদালগুৰি জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্ত হৈ অসমত প্ৰৱেশ কৰিব বিদ্ৰোহী নেতা গৰাকীয়ে ৷

তেজপুৰ, ২২ জুলাই : ৰাজ্যৰ শান্তি-শৃংখলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (National Liberation Front of Boroland)ৰ মুৰব্বী এম বাথা(M Batha)ই আত্মসমৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য মতে, এনএলএফবি(NLFB) মুৰব্বী গৰাকীয়ে তেওঁৰ কেডাৰসকলৰ সৈতে ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত হৈ মাজবাটত অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিব ।

উল্লেখ্য যে , 2020 চনৰ 27 জানুৱাৰীত তৃতীয় খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ আগে আগে নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড(National Democratic Front of Boroland) মূল সুঁতিলৈ ঘূৰি আহিছিল ৷ সেই সময়ত এম বাথাই প্ৰথমতে শান্তি চুক্তিৰ বাবে আত্মসমৰ্পণ কৰিছিল ৷ কিন্তু, পৰৱৰ্তী সময়ত পুনৰ হাতত অস্ত্ৰ তুলি এনএলএফবিৰ জৰিয়তে তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল ৷

NLFB chief M Batha might surrender to police with his cadre on thursday
নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ কেডাৰ
ৰাষ্ট্ৰীয় অনুসন্ধান শাখা(National Investigation Agency) চমুকৈ এনআইএ(NIA)য়ে শেহতীয়াকৈ বিদ্ৰোহী নেতা এম বাথা(M Batha)ৰ মূৰৰ মূল্য দহ লাখ টকা ঘোষণা কৰিছিল ।

মন কৰিব লগীয়া বিষয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ শাসনৰ বাঘজৰী হাতত লোৱাৰ পৰাই উগ্ৰপন্থী সমস্যা নিৰ্মূলৰ বাবে তৎপৰতা দেখুৱাই আহিছে ৷ বিদ্ৰোহী সংগঠন আলফা(ULFA)ৰ সৈতে শান্তি আলোচনাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ সুহৃদয়তা ইতিমধ্যে প্ৰকাশ কৰিছে ৷ ইফালে, ৰাজ্য শাসনত অহাৰ পূৰ্বেৰে এম বাথা সম্পৰ্কতো মুখ্যমন্ত্ৰী গৰাকীয়ে বহু সময়ত বিভিন্ন বিস্ফোৰক মন্তব্য কৰি অহা পৰিলক্ষিত হৈছিল ৷ এতিয়া, বিদ্ৰোহী নেতা গৰাকীৰ আত্মসমৰ্পণৰ খবৰে সেইবাবে যথেষ্ট তাৎপৰ্য বহন কৰে ৷

লগতে পঢ়ক : পুনৰ দিল্লীত উৎপীড়নৰ বলি উত্তৰ-পূৱৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.